CBSE:বছৰত দুবাৰকৈ হ’ব CBSE দশম শ্ৰেণীৰ পৰীক্ষা , ২০২৬-ত হ’ব নিয়ম !

dhamendra pradhan

CBSE:

ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা হ্ৰাস কৰাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড বা চিবিএছইয়ে। ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে দুবাৰকৈ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে চিবিএছইয়ে। এই নতুন নিয়ম সমগ্ৰ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে থকা ২৬০খন চিবিএছই বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

শেহতীয়াকৈ কেন্দ্ৰই এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু চিবিএছই বিষয়াসকলও উপস্থিত থকাৰ লগতে এনচিইআৰটি, কেভিএছ আৰু এনভিএছৰ সদস্যসকলো উপস্থিত থাকে । উল্লেখ্য যে,তাতেই খচৰাখন প্ৰস্তুত কৰা হৈছে। তথ্য অনুসৰি, অহা সোমবাৰে ইয়াক ৰাজহুৱা কৰা হ’ব। চি.বি.এছ.ই.-য়ে ইয়াৰ এক্স-হেণ্ডেলত বৈঠকৰ বিৱৰণ ৰাজহুৱা কৰে।

য’ত কোৱা হৈছে যে ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে বিদেশী বিদ্যালয়সমূহত নতুন চিবিএছই পাঠ্যক্ৰম আৰম্ভ কৰাকে ধৰি কেবাটাও বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। চিবিএছইৰ লগতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এক্স হেণ্ডেলত এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰে। তেওঁ লিখে,’ চিবিএছইৰ ব’ৰ্ডৰ পৰীক্ষা বছৰত দুবাৰ কৰাৰ বাবে আমি নতুন ৰণনীতি তৈয়াৰ কৰিছো।

ছাত্ৰ-ছাত্ৰীৰ ওপৰত যাতে অতিৰিক্ত চাপ নপৰে সেই কথা লক্ষ্য কৰি এই পৰিকল্পনা হাতত লোৱা হৈছে । আমাৰ লক্ষ্য হ’ল শিক্ষাৰ্থীসকলে চাপ মুক্ত হৈ শিকাৰ ওপৰত অধিক গুৰুত্ব দিয়া।’ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, ‘নতুন এই নীতিয়ে ব’ৰ্ড পৰীক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংশোধন। ’

Exit mobile version