Cm Himanta Viswa Sarma :
বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীহাটত দিন দুপৰতে দুৰ্বৃত্তই ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ ঘটনা চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে ইতিমধ্যে চিনাক্ত কৰা হৈছে আক্ৰমণকাৰীক ৷
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই পোষ্ট যোগে সদৰি কৰিছে দহ আক্ৰমণকাৰীৰ নাম ৷ আক্ৰমণকাৰী কেইটা হ’ল -১) জামতোলাৰ হাৰুণ২) ফাকলিৰ হৰেশ ৩) তামুলীটুপৰ বছিৰ ৪) কাৱৈমাৰীৰ কাছেম আলী ৫) কাৱৈমাৰীৰ ৰছিদুল ৬) গুণাবাৰীৰ আয়ুব ৭) ৰে’ল ষ্টেচনৰ লুটকিয়ৰ ৮) ৰৌমাৰীৰ খালেক ৯) গঁড়েমাটিখোৱাৰ মজিবুৰ ১০) কোয়াচগাঁৱৰ জাহাংগীৰ
মুখ্যমন্ত্ৰীয়ে পোষ্টটোত উল্লেখ কৰে যে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অভিযোগত ১০জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। তেওঁতোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।