Fbi Director:
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এজন ভাৰতীয় বংশোদ্ভৱক দেশখনৰ অন্যতম তদন্তকাৰী সন্থা FBI ৰ সঞ্চালক পদত দিয়ে নিযুক্তি ৷ আমেৰিকাৰ ফেডাৰেল ব্যূৰ’ অফ ইনভেষ্টিগেচনৰ নৱমজন সঞ্চালক হিচাপে নিযুক্তি দিয়ে ভাৰতীয় বংশোদ্ভৱ কাশ পেটেলক।
উল্লেখ্য যে কাশ পেটেলৰ নিযুক্তি পত্ৰত স্বাক্ষৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আনহাতে মাৰ্কিন ছিনেটেও বৃহস্পতিবাৰে কাশ পেটেলক ‘এফবিআই’ৰ সঞ্চালক হিচাপে অনুমোদন জনাইছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অতি ঘনিষ্ঠৰূপে পৰিচিত কাশ পেটেলে এই পদত অধিষ্ঠিত হ’বলৈ ছিনেটত হোৱা ভোটযুদ্ধত ৫১টা ভোট লাভ কৰিছিল ৷ মাৰ্কিন আইন প্ৰয়োগকাৰী সংস্থাৰ মনোনিত প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰক্ষেপ কৰিছিল কাশ পেটেলক ।
মনকৰিবলগীয়া যে ,কাশ পেটেলৰ সম্পূৰ্ণ নাম হৈছে কাশ্যপ প্ৰমোদ বিনোদ পেটেল। অৱশ্যে যুক্তৰাষ্ট্ৰত তেওঁক কাশ পেটেল হিচাপেহে পৰিচিত। নিউয়ৰ্কৰ গাৰ্ডেন চিটিৰ বাসিন্দা কাশ পেটেল ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত হোৱাইট হাউছৰ ইণ্টেলিজেঞ্চ কমিটীৰ জ্যেষ্ঠ সহকাৰী বিষয়া হিচাপে নিয়োজিত আছিল। তদুপৰি কাশ নিয়োজিত আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ আৰু প্ৰতিৰক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সচিবৰ প্ৰধান কৰ্মী ৷
আনহাতে FBI ৰ আন্তৰাষ্ট্ৰীয় খ্যাত সম্পন্ন তদন্তকাৰী সন্থাটোৰ সঞ্চালকৰ দৰে গধুৰ দায়িত্ব লাভ কৰি অত্যন্ত সুখী বুলি মন্তব্য দিয়ে কাশ পেটেলে ৷ আমেৰিকাবাসী ৰাইজৰ আস্থা আৰু বিশ্বাস এই দুয়োটাকে সম্বল হিচাপে লৈ তেওঁ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব ৷