Passed Away Govindra kr. Talukdar:মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গোবিন্দ কুমাৰ তালুকদাৰৰ দেহাৱসান

PASSED AWAY

Passed Away Govindra kr. Talukdar:

মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক তথা বিশিষ্ট সমাজকৰ্মী গোবিন্দ কুমাৰ তালুকদাৰৰ আজি পুৱতি নিশা ৫ বজাত দেহাৱসান হয়।

ADVERTISEMENT

মহানগৰীৰ হাতীগাঁৱৰ শংকৰ পথৰ বাসিন্দা তালুকদাৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী অনিলা তালুকদাৰ, পুত্ৰদ্বয় প্ৰসেনজিৎ তালুকদাৰ আৰু কমলজিৎ তালুকদাৰ, দুই বোৱাৰী জুবি শৰ্মা তালুকদাৰ আৰু অনিন্দিতা তালুকদাৰ, নাতি-নাতিনী উমংগ কাশ্যপ তালুকদাৰ, হৰ্ষিতা তালুকদাৰ আৰু ছিৰাগ কাশ্যপ তালুকদাৰ সমন্বিতে ভালেমান আত্মীয়-স্বজনক এৰি গৈছে। আজি সন্ধিয়া নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।

সৰবৰহী গোবিন্দ কুমাৰ তালুকদাৰ বিভিন্ন সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতেও ঘনিষ্ঠ ভাৱে জড়িত হৈ আছিল। তেখেতৰ মৃত্যুত হাতীগাঁও সিজুবাৰী ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ সমিতি, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, শতদল নৱাৰুণ শাখা সাহিত্য সভা, হাতীগাঁও ৰাজহুৱা নামঘৰ সমিতি, বৃহত্তৰ হাতীগাঁও(নামঘৰ) দুৰ্গা পূজা উদযাপন সমিতি, শংকৰ পথ উন্নয়ন সমিতি, বৃহত্তৰ হাতীগাঁও সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতি, কমন মেন প্ৰভৃতি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

Exit mobile version