New Mega City:
ছৌডি আৰবত প্রায় ৫০০ বিলিয়ন ডলাৰ ব্যয়ৰে এটা অট্টালিকাৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে এখন সম্পূর্ণ চহৰ। দৰাচলতে ছৌডি আৰবৰ মৰুভূমিত নিৰ্মাণ কৰা হৈছে নিউম মেগাচিটি নামৰ এই আজৱ চহৰৰ। প্ৰকাশিত বাতৰি অনুসৰি নিউম মেগাচিটি হৈছে ছৌডি আৰবৰ যুৱৰাজ মহম্মদ বীন ছলমানৰ এক অভিলাষী প্রকল্প। ছলমানৰ উদ্যোগত নিৰ্মাণ আৰম্ভ হোৱা এই আজৱ চহৰৰ নিৰ্মাণ ২০০৪ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা।
এটা প্ৰকাণ্ড অট্টালিকাৰ ভিতৰত এই চহৰখন গঢ়ি তোলা হ’ব। নির্মাণস্থলীত বর্তমানে ৪০০০ ট্ৰাক আৰু ৫০০ৰ অধিক শ্রমিকে কাম কৰি আছে। নিউম চহৰৰ নিৰ্মাণ কাৰ্যত নিয়োজিত বিষয়াই সদৰী কৰা অনুসৰি এই অট্টালিকাটো হ’ব বৰ্তমানলৈকে বিশ্বত নিৰ্মাণ কৰা সবাতোকৈ দীঘল অট্টালিকা।
অট্টালিকাৰ ভিতৰতে থাকিব এখন পূৰ্ণাংগ চহৰ। ভৱিষ্যতে এই মেগাচিটিত ন নিযুত লোকে বসবাস কৰিব পাৰিব। ১৭০ কিলোমিটাৰ অঞ্চলজুৰি নিৰ্মাণ হ’ব লগা অট্টালিকাত এখন আধুনিক চহৰত থাকিব লগা সকলো সা-সুবিধা উপলব্ধ হ’ব।
এই চহৰত ৮০,০০০ আবাসিক গৃহ, ৯,০০০ হোটেল, ৰিটেল প্ৰতিষ্ঠান, বিদ্যালয়, আৰক্ষী থানা আৰু অগ্নিনির্বাপক বাহিনী থাকিব। তদুপৰি ইয়াৰ ভিতৰতে ২০৩৪৩ ফিফা বিশ্বকাপ আয়োজনৰ বাবে বিশেষ ষ্টেডিয়ামো থাকিব ।