Elon Musk ‘৪৮ ঘণ্টাৰ ভিতৰত চাকৰিৰ হিচাপ-নিকাচৰ প্ৰয়োজন’
নহ’লে চাকৰিৰ পৰা বৰ্খাস্ত !
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৃথক সিদ্ধান্ত লোৱাৰ বাবেই এক ‘খ্যাতি’ আছে। এইবাৰ সেই পথত আগবাঢ়িছে ট্ৰাম্প-অংশীদাৰ এলন মাস্ক !
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ অন্যতম উপদেষ্টাৰ নিৰ্দেশ , ৪৮ ঘণ্টাৰ ভিতৰত যুক্তৰাষ্ট্ৰৰ সকলো চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ কামৰ হিচাপ দিব লাগিব । অন্যথা, কঠোৰ ব্যৱস্থা লোৱা হ’ব।
চৰকাৰী কৰ্মচাৰীসকলে এই সংক্ৰান্ত মেইল পাইছে শনিবাৰে । উল্লেখ্য যে ,সোমবাৰে নিশা ১২ বজাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।
এনে নিৰ্দেশত চাপত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীসকল । হঠাতে এনে নিৰ্দেশনা কিয়?
এই নতুন নিৰ্দেশনাৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক ছাঁটাই কৰাৰো ভাবুকি দিয়া হৈছে । মাস্কে ছ’চিয়েল মিডিয়াত জনাই যে যদি কোনো কৰ্মচাৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম প্ৰদান কৰিব নোৱাৰে তেন্তে ইয়াক তেওঁৰ পদত্যাগ হিচাপে গণ্য কৰা হ’ব
ট্ৰাম্পৰ হেঁচাত কৰ্মচাৰীসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে নেকি মাস্কে? কিছুদিন পূৰ্বে ট্ৰাম্পে মন্তব্য কৰিছিল যে মাস্কে ভাল কাম কৰি আছে যদিও তেওঁ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন।
ইয়াৰ পাছতে, চৰকাৰী কৰ্মচাৰীসকলক কামৰ হিচাপ বিচাৰিলে কোটিপতি উদ্যোগপতিজনে ।
অফিচ অৱ পাৰ্ছনেল মেনেজমেণ্টৰ পৰা চৰকাৰী কৰ্মচাৰীলৈ প্ৰেৰণ কৰা হৈছে এই ইমেইল। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে আমেৰিকাৰ প্ৰায় ২৩ লাখ চৰকাৰী কৰ্মী। তেওঁলোকৰ মতে, প্ৰৱঞ্চনামূলক প্ৰক্ৰিয়াৰে কামৰ সময়সূচী বিচাৰিছে।
বৰ্তমান বহু শ্ৰমিক ছুটীত আছে। প্ৰতিৰক্ষা কৰ্মীৰ এটা অংশ এনে ঠাইত আছে য’ত ইণ্টাৰনেট সেৱা নাই, ইমেইল যোগাযোগ সম্ভৱ নহয়।