Tamil Nadu মূচল ষ্টেচনত হিন্দী নাম, শিক্ষা নীতিৰ বিৰুদ্ধে ভাষা আন্দোলনত জ্বলিছে তামিলনাডু
তামিলনাডু জ্বলিছে ভাষা আন্দোলনৰ জুই । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নামত হিন্দীক বলপূৰ্বক কৰি লিখাৰ অভিযোগ মুখ্যমন্ত্ৰী ষ্টেলিনৰ।
এই পৰিস্থিতিৰ মাজতে ‘হিন্দী হাথাও’ নীতিৰ অধীনত তামিলনাডুৰ ষ্টেচনৰ পৰা হিন্দীত লিখা আখৰ আঁতৰাই দিয়া হ’ল।
দেওবাৰে তামিলনাডুৰ কইম্বাটুৰৰ পলাচী ষ্টেচনত ক’লা চিয়াঁহীৰে হিন্দীত লিখা নাম মোহাৰিলে ডিএমকেৰ সদস্যসকলে।
আনহাতে ষ্টেলিনে সকীয়াই দিয়ে যে কেন্দ্ৰই ১০ হেজাৰ কোটি টকা দিলেও ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা নহ’ব।
কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষা ব্যৱস্থাত তিনিটা ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামিলনাডুৰ ক্ষেত্ৰত সেয়া হ’ল তামিল, হিন্দী আৰু ইংৰাজী।
ষ্টেলিন চৰকাৰে এই নীতিৰ ওপৰত আপত্তি জনাই। তেওঁ কয়, “কেন্দ্ৰই দুই হেজাৰ কোটি টকাৰ পৰিৱৰ্তে ১০হেজাৰ কোটি টকা দিলেও মই এই পাপ নকৰো।এই নীতিত স্বাক্ষৰ কৰিলে তামিল সমাজখন ২০০০ বছৰ পিছুৱাই যাব।”
ষ্টেলিনে লগতে কয়, “দ্ৰাবিড় আন্দোলনে ৮৫ বছৰ ধৰি তামিল ভাষাৰ সুৰক্ষাৰ বাবে যুঁজ দি আহিছে। বিগত ৭৫ বছৰত হিন্দী আগ্ৰাসনৰ বাবে ভাৰতত ৫২টা ভাষা নোহোৱা হৈ গৈছে। কেৱল হিন্দীয়ে ২৫টা ভাষা ধ্বংস কৰিছে। শিক্ষা আৰু স্বাস্থ্য আমাৰ ৰাজ্যৰ দুটা চকু। ইয়াত ৰাষ্ট্ৰীয় শিক্ষা। ইয়াত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে হিন্দী আৰোপ কৰাটো গ্ৰহণ নকৰোঁ। ”
বিগত বুধবাৰে ষ্টেলিনৰ পুত্ৰ উদয়নিধিয়ে হিন্দীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ ওপৰত শিক্ষা নীতি জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, ‘হিন্দী ভাষাই উত্তৰ ৰাজ্যৰ কেইবাটাও স্থানীয় ভাষা ধ্বংস কৰি পেলাইছে। ৰাজস্থানী, হৰিয়ানৱী, ভোজপুৰী আদি বহু ভাষা শেষ কৰি তাত হিন্দী স্থানীয় ভাষা হৈ পৰিছে ।যদি তামিলনাডুত এই ভাষা ৰূপায়ণ কৰা হয়, তেন্তে তামিল ভাষাও ধ্বংস হ’ব।”
প্ৰয়োজন হ’লে তামিলনাডুও ভাষা যুদ্ধৰ বাবে সাজু বুলিও জনাই উপমুখ্যমন্ত্ৰীয়ে । তীব্ৰ বিৰোধিতাৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পাল পাতিয়ে ষ্টেলিনলৈ এখন পত্ৰ লিখে।
পত্ৰখনত উল্লেখ আছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে কোনো ভাষা জাপি দিয়া হোৱা নাই। কিন্তু কিছুমান ক্ষেত্ৰত বিদেশী ভাষাৰ ওপৰত অতিৰিক্ত নিৰ্ভৰশীলতা দেখা যায়। ফলস্বৰুপে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভাষাৰ গভীৰতালৈ যাব পৰা নাই।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ভাষা নিৰ্বাচনৰ স্বাধীনতা লাভ কৰিব। নিজৰ পছন্দৰ ভাষাত পঢ়া-শুনা আগবঢ়াই নিব পাৰে।