Telangana জীৱিত উদ্ধাৰৰ আশা ক্ষীণ !
তেলেংগনা সুৰংগত আৱদ্ধ বৰ্তমানেও আৱদ্ধ আঠজন শ্ৰমিক
তেলেংগনা সুৰংগত আৱদ্ধ হৈ থকা লোকসকলৰ জীয়াই থকাৰ আশা ক্ষীণ। তেলেংগানাৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে এই দুৰ্ঘটনাৰ ৪৮ ঘন্টাৰ অন্তত আজি পুৱা এই কথা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে সুৰংগটোত জমা হোৱা পানী আৰু বোকাৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছে।
উত্তৰাখণ্ডৰ ছিলকিয়াৰা সুৰংগ ভাঙি পৰাত উদ্ধাৰ কাৰ্যত সফল হোৱা উদ্ধাৰকাৰী দলটোৱে ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে। তেওঁলোকৰ অভিজ্ঞতা তেলেংগানাতো ব্যৱহাৰ কৰা হৈছে।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী(এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল (এছডিআৰএফ) আৰু সেনা উদ্ধাৰকাৰী দলেও উদ্ধাৰ অভিযানত যোগদান কৰে।
শনিবাৰে পুৱা তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম জলাশয়ৰ পিছফালে নিৰ্মাণৰত সুৰংগ খহি পৰে। জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা এই সুৰংগটো ৪৪ কিলোমিটাৰ দীঘল।
স্থানীয় প্ৰশাসনৰ এক বিবৃতিত কোৱা হৈছে,সুৰংগটোৰ ১৪ কিলোমিটাৰ পৰ্যন্ত সুৰংগৰ ছাদ খহি পৰে । সেই সময়ত অঞ্চলটোত কেবাজনো শ্ৰমিকে কাম কৰি আছিল। সুৰংগটো খহি পৰাৰ ফলত আঠজন লোক আৱদ্ধ হৈ পৰে।
সোমবাৰে পুৱা, মন্ত্ৰী ৰাৱে জনাই যে আৱদ্ধ সকলৰ ভিতৰত চাৰিজন শ্ৰমিক আৰু বাকী চাৰিজন নিৰ্মাণ কোম্পানীৰ বিষয়া।
তেলেংগানামন্ত্ৰীয়ে জনাই যে সুৰংগটোৰ ভিতৰত বোকাৰ স্তৰ বহুত ওখ হৈ পৰিছে। যিয়ে তাত খোজ কঢ়াটো প্ৰায় অসম্ভৱ কৰি তুলিছে। উদ্ধাৰকাৰী দলে চলাচলৰ বাবে ৰবৰৰ নলী আৰু কাঠৰ তক্তা ব্যৱহাৰ কৰিছে।
আঠজন আৱদ্ধ লোকক জীৱিত উদ্ধাৰৰ সম্ভাৱনাৰ বিষয়েও প্ৰশ্ন কৰা হয় মন্ত্ৰীজনক । ৰাৱে কয়, “(আৱদ্ধ ব্যক্তিসকলৰ) জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ। কিন্তু আমি আশাবাদী আৰু চেষ্টাত কোনো কমি ৰখা নাই। ”