Advantage Assam In kamrup Metro:কামৰূপ মহানগৰ জিলাত  ৭৬ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

kar bhawan 1
Advantage Assam In kamrup Metro:
এডভাণ্টেজ অসম ২.০ ৰ অংশস্বৰূপে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ গনেশগুৰিস্থিত কৰ ভৱনৰ প্ৰেক্ষাগৃহত একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ  অনুষ্ঠান হয় । অনুষ্ঠানত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাই  জিলাখনৰ বিভিন্ন  উদ্যোগপতি-ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে । থলুৱা উদ্যোগসমূহক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানকৈ  মেচাৰ্ছ দৈৱিক,মেচাৰ্ছ চেৰাউগী ৰিয়েলছ প্ৰাইভেট লিমিটেড,মেচাৰ্ছ ওমশ্ৰী প্ৰডাক্ট ,মেচাৰ্ছ ফাৰ্ষ্ট প্ৰ’ প্ৰাইভেট লিমিটেড প্ৰমুখ্যে ৭৬ খন  চুক্তি পত্ৰত স্বাক্ষৰ কৰা  হয় ।
উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত ২১৯ টা প্ৰকল্প  আছে। ইয়াৰ ভিতৰত ৫০ কৌটিতকৈ অধিক ১২ টা আৰু ৫০ কৌটিতকৈ কম ২০৭ টা প্ৰকল্প । এই বুজাবুজি চুক্তিত প্ৰায় ৩৮৫.৩৭ কৌটি  টকা বিনিয়োগ কৰা হ’ব । ইপিনে, আজিৰ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত গুৱাহাটীৰ খানাপাৰাত  এডভান্টেজ অসম ২.০ ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোদীয়ে উদ্বোধন  কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয় । আজিৰ অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মহাপ্ৰবন্ধক  উমেশ কুমাৰ, জিলা প্ৰশাসন, জিলা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ  বিষয়াসকলৰ লগতে বিনিয়োগকাৰীসকল উপস্থিত থাকে ।
Exit mobile version