Canada New Immigration Rules:আমেৰিকাৰ পাছত এইবাৰ কানাডাৰ লক্ষ্য ভাৰতীয় অনুপ্ৰৱেশকাৰীক

ভিছা বাতিলৰ তৎপৰতা আৰম্ভ

trudu

Canada New Immigration Rules:

খালিস্তানী বিতৰ্কৰ পাছত এইবাৰ ভিছা বাতিলৰ পদক্ষেপ। ভাৰত আৰু কানাডাৰ সংঘাতৰ আন এটা নতুন বিষয় সৃষ্টি । যাৰ ফলত দেশখনত কৰ্মৰত আৰু অধ্যয়ন কৰা লাখ লাখ ভাৰতীয় সমস্যাত পৰাৰ পথত । ৩১ জানুৱাৰীত কানাডা চৰকাৰে প্ৰব্ৰজন নীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰে এটা হ’ল সীমান্ত বিষয়াসকলক ‘অস্থায়ী আৱাসী ভিছা’ বাতিল কৰাৰ ক্ষমতা প্ৰদানৰ সিদ্ধান্ত।

ফলত ৱৰ্ক ভিছা লৈ কাম কৰা কৰ্মকৰ্তাসকলৰ লগতে দেশখনৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলো ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, কানাডাত প্ৰায় চাৰি লাখ ২৭ হেজাৰ ভাৰতীয় শিক্ষাৰ্থী আছে।প্ৰসংগত,২০২৩ চনত কানাডাৰ ব্ৰিটিছ কলম্বিয়াত খালিস্তান পন্থী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হয়। এই হত্যাৰ আঁৰত নতুন দিল্লী থকাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে

যদিও ভাৰত চৰকাৰে এই অভিযোগ অস্বীকাৰ কৰে, দেশৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো তেওঁৰ বক্তব্যত অটল থাকে । তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক তিক্ত হৈ আহিছে। কানাডা চৰকাৰে একাংশ ভাৰতীয় কূটনীতিবিদক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে। কূটনৈতিক শীতল যুদ্ধৰ মাজতে সেই বছৰৰ অক্টোবৰ মাহত কানাডা চৰকাৰে ভাৰতৰ পৰা ৪১ জন কূটনীতিবিদক অপসাৰণ কৰিবলৈ বাধ্য হৈছিল।

ভাৰতত থকা কানাডাৰ দূতাবাস আৰু কনছুলেটৰ দুই তৃতীয়াংশও খালী কৰা হয়। তেতিয়াৰ পৰা ভাৰতীয় শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। এইবাৰ আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা।

Exit mobile version