Gonotsav:গুণোৎসৱৰ ১২ জিলাৰ উত্তৰবহী হেৰাল

ৰাজ্যৰ শিক্ষাখণ্ডত ভয়ংকৰ কাণ্ড,তৃতীয় পৰ্যায়ৰ লগতে প্রথম পৰ্যায়ৰ দুখন জিলাৰো বহু অ'এমআৰ শ্বিটৰ তথ্য নাই, জিলাবোৰলৈ জৰুৰী নির্দেশনা সমগ্র শিক্ষা অসমৰ

gonoysav

Gonotsav:

ৰাজ্যৰ শিক্ষাখণ্ডত সংঘটিত হৈছে আৰু এক ভয়ংকৰ কাণ্ড। নিত্য নতুন বিতৰ্কৰ আৱৰ্তত সোমাই থকা শিক্ষা বিভাগত এইবাৰ হেৰাইছে হেজাৰ হেজাৰ উত্তৰ বহী। এই উত্তৰ বহী হ’ল শিক্ষানুষ্ঠানবোৰৰ মান নিৰূপণৰ বাবে অনুষ্ঠিত কৰা চলিত বৰ্ষৰ গুণোৎসৱৰ। এইবাৰো ৰাজ্যৰ তিনিটা পর্যায়ত ব্যাপক ঢাক-ঢোলেৰে গুণোৎসৱ অনুষ্ঠিত হয়।

ইয়াৰে তৃতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছিল যোৱা চাৰিৰ পৰা সাত ফেব্ৰুৱাৰীলৈ। ১০ খন জিলাত এই পর্যায়ত গুণোৎসব অনুষ্ঠিত হৈছিল। এই জিলা কেইখনৰে বৃহৎ সংখ্যক অ’এমআৰ উত্তৰপত্ৰ বিচাৰি পোৱা নাই সমগ্র শিক্ষা অসমে। এই জিলাকেইখন হ’ল ক্রমে বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰী।

তদুপৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰো একাংশ শিক্ষানুষ্ঠানৰ অ’এমআৰ শ্বিট হেৰাইছে। ইয়াকে লৈ সমগ্র শিক্ষা অসমত হাহাকাৰ লাগিছে। এই সন্দর্ভত সমগ্র শিক্ষা অসমৰ পৰা সকলো জিলাৰ মিছন সমন্বয়কসকললৈ জৰুৰীপত্ৰ প্ৰেৰণ কৰা হৈছে। তথ্য অনুসৰি, বিদ্যালয়বোৰত ছাত্র-ছাত্রীৰ উপস্থিতি আছে। অর্থাৎ তেওঁলোকে গুণোৎসৱৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে; অথচ তাৰে কে’বাশ ছাত্ৰ-ছাত্ৰীৰ অ’এমআৰ শ্বিট পাবলৈ জিলাবোৰৰ পৰা উত্তৰপত্ৰবোৰ ছীল, মোহৰ মাৰি টোপোলা বান্ধি সমগ্র শিক্ষা কার্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। সেই টোপোলা খোলোতে কে’বাশ উত্তৰপত্ৰ নথকাটো ধৰা পৰে।

লগে লগে বিষয়টো জিলাবোৰক অৱগত কৰি সকলো তথ্য পৰীক্ষা কৰিবলৈ সমন্বয়কসকলক নির্দেশ দিয়া হৈছে। এই নির্দেশনাত জিলাৰ নডেল বিষয়াজনকো অহা ২৬ ফেব্ৰুৱাৰীত সমগ্র শিক্ষা অসমৰ কাৰ্যালয়ত উপস্থিত হৈ অ’এমআৰ শ্বিটৰ পেকেটবোৰ পৰীক্ষা কৰাৰ বাবে জৰুৰী নির্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হোৱা শিক্ষানুষ্ঠানৰ সংখ্যা হ’ল ৪৪,০৭৮ খন। তেনেদৰে গুণোৎসৱত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৩৮,৮৮,৪৬৪ গৰাকী। প্ৰথমৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত গুণোৎসৱৰ প্ৰথম পৰ্যায়ত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ১১,৭২,৪০১ গৰাকী। তেওঁলোকে অধ্যয়ন কৰা বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ সংখ্যা হ’ল ১৩,৩৫৬ খন। উল্লেখ্য যে এনেদৰে উত্তৰপত্ৰ নোহোৱা হোৱা বিষয়টোও ধৰা পৰাৰ পাছত এই তথ্য ৰাজহুৱা নহ’বলৈ শিক্ষা বিভাগে সর্বোচ্চ চেষ্টা চলাই আহিছে।

Exit mobile version