Kerala Murder Mystery:ছজন লোকক হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পণ যুৱকৰ !

murder

Kerala Murder Mystery:

হত্যা কৰি আৰক্ষী চকীত আত্মসমৰ্পণ যুৱকৰ । ২৩ বছৰীয়া যুৱকজনে থানাত আত্মসমৰ্পণ কৰি দাবী কৰে যে , তেওঁ ছজন লোকক হত্যা কৰিছে। কেৰালাৰ তিৰুৱানন্তপুৰমত এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কিন্তু পিছত তদন্তকাৰী বিষয়াসকলে পাঁচজনৰ মৃত্যুৰ তথ্য নিশ্চিত কৰে। প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত আৰক্ষীয়ে জনাই যে অভিযুক্ত যুৱকজনে চোকা অস্ত্ৰ আৰু হাতুৰীৰে মাতৃক হত্যা কৰাৰ চেষ্টা চলাইছিল। কিন্তু যুৱকজন সফল নহ’ল। বৰ্তমান মহিলা গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজনৰ বহিঃৰাজ্যত ব্যৱসায় আছে। অভিযুক্তই দাবী কৰে যে তেওঁ সেই ব্যৱসায়ত বহু ঋণৰ স’তে জড়িত হৈ পৰে । ঋণ পৰিশোধ কৰিবলৈ পৰিয়ালৰ সদস্যসকলৰ পৰাও সহায় বিচাৰিছিল । কিন্তু কোনেও গুৰুত্ব নিদিলে। সেই কাৰণেই তেওঁ এই কাণ্ড সংঘটিত কৰে বুলি দাবী কৰে অভিযুক্তই ।

অৱশ্যে, অনুসন্ধানকাৰীসকলে এই দাবীটো কিমান সত্য সেই বিষয়ে অনুসন্ধান চলাইছে। তেওঁৰ ম’বাইল ফোনৰ তথ্য পৰীক্ষা কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তজন ড্ৰাগছ আসক্ত নেকি সেইটোও অনুসন্ধান কৰিছে। প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত, আৰক্ষীয়ে অনুমান কৰে যে সকলো হত্যাকাণ্ড পূৰ্বপৰিকল্পিত আছিল। ঘটনাটো সোমবাৰে সন্ধিয়া তিৰুৱন্তপুৰমৰ তিনিটা পৃথক স্থানত সংঘটিত হৈছে ।

ঘটনাটোৰ পাছতে , অভিযুক্তজনে আৰক্ষী চকীলৈ গৈ দাবী কৰে যে তেওঁ তেওঁৰ মাক, ভায়েক, আইতা, দুজন আত্মীয় আৰু প্ৰেমিকাক হত্যা কৰে। অভিযুক্তজনে এইটোও দাবী কৰে যে তেওঁ বিহ খাই আত্মহত্যাৰো চেষ্টা কৰিছিল। যুৱকজনৰ দাবী শুনি আৰক্ষীয়ে তদন্তৰ পাছত পাঁচজন লোকৰ মৃত্যু নিশ্চিত কৰে। অভিযুক্তৰ মাতৃক বৰ্তমান চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোঁৱা হৈছে । লগতে অভিযুক্তজনকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে তেওঁৰ শৰীৰত কোনো বিষক্ৰিয়া পোৱা নাই বুলিও আৰক্ষীয়ে জনায়।

Exit mobile version