Bjp Leader Ashok Bharali Passed Away
ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সাংগাঠনিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ ভৰালী যোৱা নিশা মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে জৰুৰীকালীন সময়ছোৱাত দেশৰ গনতন্ত্ৰ ৰক্ষাৰ বাবে হোৱা আন্দোলনত ওতপ্ৰোতভাবে জড়িত হৈ কাৰাৰুদ্ধ পৰ্যন্ত খাটিছিল ৷ প্ৰয়াত নেতা গৰাকীৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰে ৰাজ্যিক বিজেপিত ৷
ADVERTISEMENT
বুধবাৰে ভৰালীৰ নশ্বৰ দেহ চিকিৎসালয়ৰ পৰা পোনে পোনে অনা হয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৷ ইয়াত সভাপতি দিলীপ শইকীয়া,মন্ত্ৰীদ্বয় ৰনজিৎ কুমাৰ দাস, অশোক সিংহল সহ ৰাজ্যিক বিজেপিৰ নেতা- কৰ্মী সকলে নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনাই ৷