Job:
অবিবাহিত আৰু বিবাহ বিচ্ছেদ হোৱা কৰ্মচাৰীয়ে নির্দিষ্ট সময়সীমাৰ ভিতৰত বিবাহ নকৰিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। চীনৰ এটা কোম্পানীয়ে জাৰি কৰিলে এনে এক অদ্ভুত নির্দেশনা। কোম্পানীটোৰ কৰ্মচাৰীসকলক জনোৱা হৈছে যে চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত অবিবাহিত কৰ্মচাৰীসকলে বিবাহপাশত আবদ্ধ হ’বই লাগিব ।
বিবাহ বিচ্ছেদ হোৱা কৰ্মচাৰীসকলেও এই নিয়মৰ পৰা ৰেহাই পোৱা নাই। তেওঁলোকেও পুনৰ বিয়া পাতিব লাগিব। এই নিয়ম উলংঘা কৰা সকলো কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব। ছাউথ চাইনা মর্নিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ছানডং প্রদেশৰ শুন্টিয়ান কেমিকেল গ্রুপ নামৰ কোম্পানী এটাই জানুৱাৰীত এই নিয়ম প্ৰৱৰ্তন কৰিছে।
কোম্পানীটোৰ লক্ষ্য হৈছে কৰ্মচাৰীৰ মাজত বিবাহৰ হাৰ বৃদ্ধি কৰা। এই সংস্থাটোত ১২০০ জন সংস্থাপিত হৈ আছে। কোম্পানীয়ে ২৮ পৰা ৫৮ বছৰ বয়সৰ ভিতৰৰ অবিবাহিত আৰু বিবাহ বিচ্ছেদ হোৱা লোকসকলক চলিত বৰ্ষৰ শেষৰ ফালে বিবাহপাশত আবদ্ধ হ’বলৈ নিৰ্দেশ দিছে।