China-Taiwan Conflict : টাইৱানৰ চাৰিওফালে পুনৰ আৰম্ভ চীন সেনাৰ যুদ্ধ অনুশীলন !

প্ৰতিশোধৰ হুংকাৰ

china aramy

China-Taiwan Conflict:

চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) উত্তেজনাৰ মাজত টাইৱানৰ জলসীমা আৰু আকাশমাৰ্গৰ সমীপত পুনৰ সামৰিক অনুশীলন আৰম্ভ কৰিছে। চীনৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ তত্বাৱধানত বুধবাৰৰ পৰা টাইৱান জলদ্বীপত নৌসেনা আৰু বায়ুসেনাৰ অনুশীলন আৰম্ভ হয়।

ADVERTISEMENT

টাইৱানেও সম্ভাৱ্য চীনা আক্ৰমণ ৰোধ কৰিবলৈ অঞ্চলটোত সৈন্য মোতায়েন কৰা আৰম্ভ কৰিছে।ফলস্বৰূপে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে যে কাওছিউং আৰু পিংটুঙৰ দক্ষিণ উপকূলৰ কাওছিউং আৰু পিংটুঙৰ পৰা ৪০ নটিকেল মাইল দূৰত্বত চীনে বিমানবাহী জাহাজ, ধ্বংসকাৰী জাহাজ আৰু কমেও ৪৫খন যুঁজাৰু বিমানকে ধৰি ১২ খন যুদ্ধজাহাজৰ স’তে সামৰিক অনুশীলন আৰম্ভ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে বেইজিঙৰ এই একপক্ষীয় পদক্ষেপে বাণিজ্যিক বিমান আৰু জাহাজ চলোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। প্ৰসংগক্ৰমে ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছত ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সপ্তম নৌবাহিনীৰ অন্তৰ্ভুক্ত দুখন যুদ্ধজাহাজে টাইৱান ষ্ট্ৰেইটত প্ৰৱেশ কৰে।

তেতিয়াৰ পৰাই, অঞ্চলটোত পুনৰ নতুন উত্তেজনা সৃষ্টি হৈছে। দৰাচলতে, বিগত বৰ্ষৰ টাইৱানৰ সাধাৰণ নিৰ্বাচনত কট্টৰপন্থী বেইজিং বিৰোধী ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (ডিপিপি)ৰ বিজয়ৰ পাছত, সংঘাতৰ এক নতুন পৰিৱেশ দেখা দিছে। চীনে দাবী কৰিছে যে টাইৱান তেওঁলোকৰ দেশৰ ‘বিদ্ৰোহী ভূখণ্ড’। প্ৰয়োজন হ’লে বলপূৰ্বকভাৱেও টাইৱানক চীনৰ মূল ভূখণ্ডৰ স’তে সংযুক্ত কৰিবলৈ তেওঁলোকে দৃঢ়প্ৰতিজ্ঞ।

২০২২ চনৰ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ পাছত চীনৰ আপত্তি অস্বীকাৰ কৰি পুনৰ নতুন উত্তেজনাৰ সৃষ্টি কৰে । সেই সময়ত চীনৰ যুদ্ধ বিমানে টাইৱানৰ আকাশমাৰ্গ অহৰহ উলংঘা কৰিবলৈ ধৰিলে। তাৰ পাছত উত্তেজনা কমি আহিছে যদিও চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙে শেহতীয়াকৈ ৰাজহুৱাভাৱে টাইৱানক চীনত “অন্তৰ্ভুক্ত” কৰাৰ ভাবুকি দিছে।

Exit mobile version