Telangana Tunnel Collapsed:১৩০ ঘণ্টা পাৰ হৈ গ’ল, আজিও সন্ধান ওলোৱা নাই তেলেংগানাৰ সুৰংগত আৱদ্ধ শ্রমিকৰ !

collapsh

Telangana Tunnel Collapsed:

পাঁচ দিন পাৰ হৈ গ’ল কিন্তু আজিও তেলেংগানাৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা হোৱা নাই।সময়ৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰিছে বুলি স্বীকাৰ কৰিছে উদ্ধাৰকাৰীৰ দলে । উত্তৰাখণ্ডৰ ছিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ কামত জড়িত কেবাজনো উদ্ধাৰকাৰীয়ে দাবী কৰিছে যে পৰিস্থিতি ছিল্কিয়াৰা দৰে নহয়।তেলেংগানাৰ সুৰংগ পৰিস্থিতি অধিক কঠিন।

ADVERTISEMENT

তথ্য অনুসৰি, শ্ৰমিকসকলৰ স’তে এতিয়াও কোনো ধৰণৰ যোগাযোগ হোৱা নাই । ছিল্কিয়াৰা আৱদ্ধ শ্ৰমিক আৰু পৰিস্থিতিৰ স’তে তুলনা কৰি এই পৰিস্থিতি অধিক জটিল বুলি দাবী কৰিছে উদ্ধাৰকাৰীয়ে।

উল্লেখ্য যে ছিল্কিয়াৰাত বন্দী শ্ৰমিকৰ স’তে উদ্ধাৰকাৰীয়ে অহৰহ যোগাযোগ ৰখা সম্ভৱ হৈছিল বুলিও জানিবলৈ দিয়ে ।কিন্তু তেলেংগানাৰ শ্ৰমিকসকলৰ পৰা বৰ্তমানৰলৈকে কোনো সঁহাৰি পোৱা নাই। ফলস্বৰূপে, তেওঁলোকে এই বিষয়ে চিন্তিত হৈ পৰিছে । ইফালে সুৰংগটোৰ ভিতৰত পানী আৰু বোকায়ে উদ্ধাৰ অভিযানটো অধিক কঠিন কৰি তুলিছে। পানী উলিয়াই দিয়া হৈছে যদিও বোকা পৰিষ্কাৰ কৰাটো কঠিন হৈ পৰিছে ।

ছিলকিয়াৰাত অগাৰ যন্ত্ৰ ব্যৱহাৰ কৰি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু ইয়াত তেনে কৰা হোৱা নাই। কিয়নো ছিলকিয়াৰাত সুৰংগত পানী নাছিল। কিন্তু তেলেংগানাৰ এই সুৰংগসমূহত পানী আৰু বোকাই পৰিস্থিতি অধিক কঠিন কৰি তুলিছে। পানী উলিয়াই দিয়া হৈছে, যদিও কিছুসময়ৰ পাছত সুৰংগটো পুনৰ পানীৰে ভৰ্তি হৈ পৰিছে ।

ফলস্বৰূপে এখোজ আগুৱাই যোৱাৰ পাছতে আকৌ এখোজ পাছলৈ যাব লগা হৈছে । এজন উদ্ধাৰকাৰীয়ে জনাই যে, ছিলকিয়াৰাত সুৰংগত শ্ৰমিকসকলৰ চলাচল জনা গৈছিল। কিন্তু ইয়াত সম্পূৰ্ণ নিস্তব্ধতা । ফলস্বৰূপে শ্ৰমিকসকল ক’ত আছে, কি অৱস্থাত আছে সেইয়া বুজি পোৱা সম্ভৱ হোৱা নাই ।

Exit mobile version