Nepal Earthquake:
মাজনিশা ভূমিকম্পত কঁপিল নেপাল । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১ । বৃহস্পতিবাৰে নিশা ২:৫১ বজাত (নেপাল স্থানীয় সময় অনুসৰি) হঠাতে কঁপি উঠিল হিমালয়ৰ মধ্য আৰু পূব অংশ ।
শিলিগুৰি আৰু পাটনাতো কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল নেপালৰ সিন্ধুপালচক জিলাৰ ভৈৰবকুণ্ড। ভূমিকম্পৰ কেন্দ্ৰস্থল অতি কমেও ১০ কিলোমিটাৰ গভীৰ আছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা প্ৰায় ১৯০ কিলোমিটাৰ দূৰত অৱস্থিত ।
নেপালৰ ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা সংস্থাই ইয়াৰ প্ৰাবল্য ৬.১বুলি কয় যদিও জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সে ৫.৬ বুলি কয়। ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ চিচমোলজি আৰু আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে এই ভূমিকম্পৰ পৰিমাণ ৫.৫ বুলি প্ৰকাশ কৰিছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কম্পন সৰ্বাধিক নেপাল-তিব্বত সীমান্তত অনুভৱ কৰা হৈছে । নিশা বহুতো স্থানীয় বাসিন্দা আতংকিত হৈ ঘৰৰ পৰা ওলাই আহে। অৱশ্যে এতিয়ালৈকে ভূমিকম্পত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। যদিও, স্থানীয় প্ৰশাসনে ক্ষতিৰ মূল্যাঙ্কন কৰি আছে।
নেপাল আৰক্ষীৰ ডি আই জি দীনেশ কুমাৰ আচাৰ্যই কয় যে ভূমিকম্পৰ উৎসৰ সমীপৱৰ্তী অঞ্চল বা দেশৰ বাকী অংশত হোৱা ভূমিকম্পৰ ফলত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।