Pakistan:পাকিস্তানৰ জুম্মা নামাজৰ সময়ত মাদ্ৰাছাত সন্ত্ৰাসবাদী আক্ৰমণ !

বিস্ফোৰণত কমেও পাঁচজন মৃত্যু

pakistan

Pakistan:

পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ দাৰুল উলুম হাক্কানিয়া মাদ্ৰাছাত বিস্ফোৰণ। শুকুৰবাৰৰ নামাজৰ সময়ত এই বিস্ফোৰণত পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত আছিল মাদ্ৰাছাৰ উপাচাৰ্য আৰু ধৰ্মীয় নেতা মৌলানা হামিদুল হক হাক্কানি। তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে প্ৰদেশখনৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা মহম্মদ আলী ছাইফে।

এই বিস্ফোৰণত কমেও ২০ জন লোক আহত হয়। মৃত্যুৰ সংখ্যা বৃদ্ধিৰ কথাও আশংকা কৰিছে আৰক্ষী আৰু প্ৰশাসনে ।উত্তৰ-পশ্চিম পাকিস্তানৰ এই অংশত তালিবানৰ আধিপত্য আছে। অনুমান কৰা হৈছে যে ইয়াত আত্মঘাতি বোমা বিস্ফোৰণ কৰা হৈছিল। যদিও এই পৰ্যন্ত এই ঘটনাৰ কথা স্বীকাৰ কৰা নাই কোনো সংগঠনে । এছ’চিয়েটেড প্ৰেছৰ বাতৰি অনুসৰি মাদ্ৰাছাখন খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ আক্কোৰা খাট্টাক জিলাত অৱস্থিত।

তথ্য অনুসৰি, মাদ্ৰাছাখনৰ আফগান তালিবানৰ স’তে সম্পৰ্ক আছে। ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। জিলা আৰক্ষী অধীক্ষক আব্দুল ৰছিদে কয়,”প্ৰাথমিক তদন্তৰ অন্তত মাদ্ৰাছাত আত্মঘাতী বোমা বিস্ফোৰণ হোৱা বুলি অনুমান কৰা হৈছে।সম্ভৱতঃ উপাচাৰ্য হাক্কানী আক্ৰমণকাৰীৰ লক্ষ্য আছিল।”

হাক্কানিয়া সেই মাদ্ৰাছাৰ উপাচাৰ্য। তেওঁৰ পিতৃ মৌলানা আব্দুল হক হাক্কানিয়াই ১৯৪৭ চনত সেই মাদ্ৰাছাখন নিৰ্মাণ কৰিছিল। পিতৃৰ মৃত্যুৰ পাছত হাক্কানিয়া জমিয়ত উলেমা-ই-ইছলাম (ছামি)ৰ মুৰব্বী হয়। হাক্কানীয়ে যোৱা বছৰ পাকিস্তানী ধৰ্মগুৰুসকলৰ এটা প্ৰতিনিধি দলৰ স’তে আফগানিস্তানলৈ গৈছিল।তাত তেওঁ তালিবান নেতাসকলৰ স’তে সাক্ষাৎ কৰিছিল।পাছত এক সাক্ষাৎকাৰত তেওঁ কয় যে এই বৈঠকৰ পাছত দুয়োখন দেশৰ মাজত হোৱা ভুল বুজাবুজি দূৰ হ’ব।

পূর্বে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী বেনজিৰ ভুট্টোৰ হত্যাকাণ্ডত হাক্কানী মাদ্রাছাৰ ছাত্র-ছাত্রীৰ নাম জড়িত হৈ আছিল৷ অৱশ্যে মাদ্ৰাছাখনে এই অভিযোগ অস্বীকাৰ কৰে। পাকিস্তানী আৰক্ষীয়ে এইবাৰ কিয় সেই মাদ্ৰাছাক লক্ষ্য কৰি লোৱা হৈছিল তাৰ তদন্ত কৰি আছে।

ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। ঘটনাৰ প্ৰতিবেদন আহ্বান কৰি তেওঁ আহতসকলক সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

Exit mobile version