AAp Assamআপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভবেন চৌধুৰী

aap new president

AAp Assam:

পুনৰ আপ, অসমৰ নেতৃত্বত ডাঃ ভবেন চৌধুৰী। দলৰ ৰাজ্যিক উপ-সভাপতি সৌমিক সেনগুপ্তৰ সভাপতিত্বত আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ডাঃ ভবেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখ্য যে ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা মনোজ ধানোৱাৰে দলীয় কাম কাজৰ পৰা বিৰত আছে ৷ সেয়ে স্থায়ী ৰাজ্যিক সভাপতি নিযুক্ত নোহোৱালৈকে ডাঃ ভৱেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰা হয় ৷

আনহাতে, আগন্তুক গাঁও পঞ্চায়ত, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, মিছিং স্বায়ত্ব শাসিত পৰিষদ, তিৱা স্বায়ত্ব শাসিত পৰিষদ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আম আদমি পাৰ্টী, অসম অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই সম্পৰ্কত ৰাজ্যিক স্তৰত তৎকালে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিবলৈ আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে ৷

Exit mobile version