Kaibarta Sanminani Assam:কাজিৰঙাৰ পাৰ্পল অৰ্কিডত কৈৱৰ্ত সন্মিলনী, অসমৰ  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

kaziranga 1

Kaibarta Sanminani Assam:

১৯০৫ চনতে শিৱসাগৰত প্ৰতিষ্ঠা হোৱা কৈৱৰ্ত সকলৰ অন্যতম জাতীয় অনুষ্ঠান ‘কৈৱৰ্ত সন্মিলনী, অসম’ৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা কাজিৰঙাৰ পাৰ্পল অৰ্কিডত অনুষ্ঠিত হয় । অসমৰ ১৮ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত সৰ্বসন্মতভাৱে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাত ।

সভাত কৈৱৰ্ত সন্মিলনী, অসমৰ কেন্দ্ৰীয় অধিৱেশন ২০২৫ চনৰ অক্টোবৰ মাহত মৰিগাঁও জিলাত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয় আৰু নৱম মান শ্ৰেণীৰ দ্ৰুতপাঠ “বৈচিত্ৰ্যময় অসম”ত অসমৰ প্ৰাচীন জনগোষ্ঠী কৈৱৰ্ত সম্প্ৰদায়ৰ বিষয়ে সঠিকভাৱে তথ্যসমূহ উপস্হাপন নকৰাৰ বাবে সভাই ক্ষোভ প্ৰকাশ কৰে আৰু পুথিখনৰ সংশোধনী বাবে শিক্ষা বিভাগক বিষয়টো স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে কাৰ্যনিৰ্বাহক সভাই ডিব্ৰুগড়ৰৰ গৌৰী শংকৰ দাসক কেন্দ্ৰীয় সচিব, মৰিগাঁৱৰ নগেন দাস আৰু বোকাখাতৰ বকুল হাজৰিকাক কাৰ্যকৰী সভাপতি , দেৰগাঁৱৰ ভৃগু কুমাৰ দাসক শিক্ষা সচিব, লক্ষীমপুৰৰ মনোৰঞ্জন দাসক সাংগঠনিক সম্পাদক ,সাপেখাটিৰ গোবিন্দ মহাপুৰুষীয়াক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু বিহপুৰীয়াৰ জ্ঞানদীপ দাসক সন্মিলনীৰ মুখপাত্ৰৰ দায়িত্ব প্ৰদান কৰে ।

অসমৰ প্ৰায় বাইশ লাখ কৈৱৰ্ত জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ স্বাৰ্থত ‘কৈৱৰ্ত উন্নয়ন পৰিষদ’  দিবলৈ অসম চৰকাৰক পুনৰ দাবী জনোৱাৰ সিদ্ধান্ত সভাত গ্ৰহণ কৰে ইয়াৰ উপৰিও কৈৱৰ্ত জাতীয় উৎসৱ সম্পৰ্কত, কৈৱৰ্ত বুৰঞ্জী প্ৰকাশ, কৈৱৰ্ত ফুলাম গামোচা আৰু কাজিৰঙাত থকা সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ ভূমি আদি কেতবোৰ গুৰুত্বপূৰ্ণ দিশত সভাত আলোচনা কৰা হয় |

Exit mobile version