Terror Attack in Israel: ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণ ! কমেও এজনৰ মৃত্যু, বহু আহত, আজি আৰক্ষীৰ গুলীত মৃত্যু হয় আক্ৰমণকাৰীৰ

isriel

Terror Attack in Israel:

আজি ইজৰাইলৰ হাইফাত হোৱা আক্ৰমণত সেই দেশৰ আৰক্ষীয়ে দুৰ্বৃত্তজন উগ্ৰপন্থী সংগঠনৰ স’তে জড়িত বুলি সন্দেহ কৰে যদিও অৱশ্যে এই কথা এতিয়াও নিশ্চিত হোৱা নাই। উল্লেখ্য যে, ইতিমধ্যেই আক্ৰমণকাৰীক গুলীয়াই হত্যা কৰা হৈছে বুলিও দাবী কৰে আৰক্ষীয়ে । ‘টাইমছ অৱ ইজৰাইলৰ’ প্ৰতিবেদন অনুসৰি, এই আক্ৰমণত কমেও পাঁচজন লোক আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, চিকিৎসাধীন অৱস্থাত এজন ৭০ বছৰীয়া লোকৰ মৃত্যু হয়। বাকী কেইজন চিকিৎসাধীন হৈ আছে। প্ৰথম অৱস্থাত দুজন আক্ৰমণকাৰী বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীয়ে পাছত এজন আক্ৰমণকাৰী বুলিয়ে জানিবলৈ দিয়ে। তেওঁ এটা জনবহুল এলেকাত চুৰিৰে আক্ৰমণ কৰিছিল। আক্ৰমণকাৰীয়ে চুৰিয়ে হঠাতে জনবহুল অঞ্চলত আক্ৰমণ চলাই ।

চুৰিৰ আক্ৰমণত স্থানীয় লোকসকলও আহত হয়। যদিও এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ বুলি সন্দেহ কৰা হৈছে, ইয়াৰ আঁৰত আন কোনো কাৰণ আছে নেকি সেই বিষয়েও অনুসন্ধান কৰা হৈছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে ,আহতসকলৰ ভিতৰত দুই এজনৰ অৱস্থা সংকটজনক। ফলস্বৰূপে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

 

 

 

 

Exit mobile version