Jammu and Kashmir:কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উদ্বেগ !

arindam

Jammu and Kashmir:

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচীৰ জনাইছে যে,ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত আয়োগৰ মুৰব্বী ভলকাৰ তুৰ্কৰ কাশ্মীৰ সন্দৰ্ভত তেওঁৰ মন্তব্য অপ্ৰতিষ্ঠিত আৰু ভিত্তিহীন। সোমবাৰে তুৰ্কে বিশ্বৰ মানৱ অধিকাৰৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে। সেই সময়ত তেওঁ ভাৰতৰ প্ৰসংগও উত্থাপন কৰে । তুৰ্কে জনাই যে, কাশ্মীৰত মানৱ অধিকাৰ কৰ্মীক হাৰাশাস্তিৰ বাবে তেওঁ চিন্তিত। আলোচনাৰ জৰিয়তে মণিপুৰত হিংসা বন্ধ কৰাৰ বাবেও অধিক উদ্যোগী হোৱাৰ প্ৰস্তাৱ আগবঢ়ায়।

ADVERTISEMENT

জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৫৮ সংখ্যক সাধাৰণ পৰিষদত অৰিন্দমে এই মন্তব্যৰ বিৰোধিতা কৰে। তেওঁ কয়, ‘বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ এখন সুস্থ, সজীৱ আৰু বহুত্ববাদী সমাজ আছে। প্ৰমাণহীন আৰু ভিত্তিহীন মন্তব্যবোৰ প্ৰকৃত পৰিস্থিতিৰ পৰা সম্পূৰ্ণ পৃথক।”

অৰিন্দমৰ মতে, ভাৰতীয়সকলে এনে অপ্ৰয়োজনীয় উদ্বেগক বাৰে বাৰে ভুল প্ৰমাণ কৰিছে। তেওঁ লগতে কয় যে ভাৰতৰ বৈচিত্ৰ্য আৰু ভাৰতীয় সমাজৰ মুক্ত চিন্তাধাৰা ভালদৰে বুজি পোৱাৰ প্ৰয়োজন আছে। তুৰ্কৰ উদ্বেগক খাৰিজ কৰি দিল্লীয়ে স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰত শান্তি আৰু উন্নয়ন হৈছে। ভাৰতে জম্মু-কাশ্মীৰৰ নিৰ্বাচন, তাত ভোটদানৰ হাৰ আৰু পৰ্যটনৰ বিকাশক উদাহৰণ হিচাপে উল্লেখ কৰে। মানৱ অধিকাৰ পৰিষদৰ বৈঠকত অৰিন্দমে কয় যে এই ঘটনাসমূহে জম্মু-কাশ্মীৰৰ দ্ৰুত বিকাশৰ ইংগিত দিয়ে।

দিল্লীয়ে লগতে কয় যে বিশ্বৰ মানৱ অধিকাৰৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰাৰ সময়ত তথ্য দাঙি ধৰাটো প্ৰয়োজন।সোমবাৰে যেতিয়া ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুৰব্বীয়ে বিশ্বৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে, তেতিয়া ইউক্ৰেইন, গাজা, আমেৰিকা, বাংলাদেশ, আফগানিস্তানকে ধৰি বিভিন্ন দেশৰ বিষয় উত্থাপন হয়। কিন্তু তাত পাকিস্তানৰ কোনো উল্লেখ নাছিল।

Exit mobile version