Suppreme Court :
দেশত একাংশ আৰক্ষীৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰৰ স্বৰূপ উদঙালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। গুজৰাট আৰক্ষীয়ে ৰুজু কৰা এটা গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভুঞাৰ খণ্ড বিচাৰপীঠে আৰক্ষীৰ স্বৰূপ উদঙাই এইবুলিও কয় যে এতিয়া কোনেও সৃজনীশীলতাকো সম্মান কৰিব নিবিচাৰে।
উল্লেখ্য যে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ইমৰান প্রতাপগঢ়ীয়ে সামাজিক মাধ্যমত কেইদিনমান পূর্বে এটা ভিডিঅ’ আপলোড কৰিছিল। ভিডিঅ’টোৰ নেপথ্যত এটা কবিতা পাঠ কৰা হৈছিল। সেই কবিতাটোক লৈয়ে আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক কালি উচ্চতম ন্যায়ালয়ে কার্যত তীব্র কটাক্ষ কৰে।
কবিতাটোত ধর্মীয় অনুভূতিত আঘাত হনা আৰু সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰাৰ বক্তব্য আছে বুলি অভিযোগ তুলি গুজৰাট আৰক্ষীয়ে সাংসদজনৰ বিৰুদ্ধে কেইদিনমান পূর্বে এটা গোচৰ ৰুজু কৰে। গোচৰটো খাৰিজ কৰিবলৈ সাংসদজন গুজৰাট উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয়। কিন্তু ন্যায়ালয়ে তেওঁৰ এজাহাৰখন খাৰিজ নকৰিলে। তাৰ বিপৰীতে বিষয়টোৰ অনুসন্ধানৰ প্ৰয়োজন আছে বুলি ন্যায়ালয়ে মত পোষণ কৰে। তাৰ পাছতে প্রতাপগঢ়ী উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হয়। শুনানিত গুজৰাট চৰকাৰৰ হৈ ছলিউচিটৰ জেনেৰেল তুষাৰ মেহতায়ো মন্তব্য কৰিবলৈ বাধ্য হয় যে কবিতাটোৰ অৰ্থ বুজাত হয়তো বহুতৰে ভুল হৈছে। তাৰ পাছতে ন্যায়াধীশ ওকাই কয়, ‘এইটোৱেতো সমস্যা।
এতিয়া কোনেও সৃজনীশীলতাক সন্মান নকৰে। এই কবিতাটো পঢ়িলে কি কথা কোৱা হৈছে তাক বুজিব পাৰিব। কবিতাটোত কোৱা হৈছে যে যদি আপুনি কোনো অবিচাৰ পায়, তাকো ভালবোৰৰ লগত গ্ৰহণ কৰক।’ গোচৰটোৰ চূড়ান্ত শুনানিৰ সময়তে তুষাৰ মেহতাই কয়, ‘এইটো কবিতা বুলি মই স্বীকাৰ কৰিব নোৱাৰো। কিয়? সিংহ কেতিয়াও ভাল অথবা বেয়া নহয়; এইটো হ’ব পাৰে অথবা নহ’ব পাৰে।’
ন্যায়াধীশ ওকাৰ তেতিয়া মন্তব্য, ‘এতিয়া আপুনি তেওঁৰ লগত কবিতা লিখাত প্রতিযোগিতা কৰিব বিচাৰিছে?’ ইয়াৰ পাছত গুচৰীয়া পক্ষৰ অধিবক্তা কপিল ছিব্বালে কয়, ‘মেহতাই চেষ্টাহে কৰা নাই, এই ক্ষেত্ৰত তেওঁৰ গভীৰ জ্ঞান আছে। লগে লগে মেহতাৰ মন্তব্য। মোৰ সময় নাই। মানুহে কয়, তুমি কবি হ’বলৈ হ’লে প্রেমত ব্যর্থ হ’ব লাগিব। মই কেতিয়াও হোৱা নাই।’ আজি গোচৰটোৰ চূড়ান্ত শুনানি অনুষ্ঠিত হয় যদিও ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখে।