ONGC- ৰ ব্লকৰ পৰা অবৈধভাবে গেছ উত্তোলন !

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ এক ডাঙৰ বিফলতা

WhatsApp Image 2025 03 05 at 10.56.03

ONGC- ৰ ব্লকৰ পৰা অবৈধভাবে গেছ উত্তোলন !

ৰিলায়েন্স আৰু বি পিৰ পৰা ২৫ হেজাৰ টকা বিচাৰিলে কেন্দ্ৰই

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু বিপি এক্সপ্ল’ৰেশ্যন’ৰ বিৰুদ্ধে ৰাজ্যিক মালিকানাধীন অ’এনজিজি ব্লকৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ উলিয়াই বিক্ৰী কৰাৰ অভিযোগ ।

কেন্দ্ৰীয় চৰকাৰে অভিযুক্ত কোম্পানীটোৰ বিৰুদ্ধে দাবীৰ জাননী জাৰি কৰিছে। য’ত প্ৰায় ২৫ হেজাৰ কোটি টকা পৰিশোধ কৰিবলৈ কোৱা হৈছে।

এই ঘটনাক ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ বাবে এক ডাঙৰ বিফলতা বুলি বিবেচিত হৈছে।

এই ঘটনাটোৰ সূত্ৰপাত হৈছিল ২০১৩ চনত । ৰিলায়েন্স আৰু ইয়াৰ সহায়ক সংস্থাসমূহে কৃষ্ণা আৰু গোদাৱৰী সাগৰীয় অৱবাহিকাৰ অ’এনজিচি খণ্ডৰ পৰা অবৈধভাৱে প্ৰাকৃতিক গেছ আহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিশেষজ্ঞসকলৰ মতে, মাটিৰ ওপৰত সীমা নিৰ্ধাৰণ সম্ভৱ হ’লেও খনিত এই প্ৰক্ৰিয়া ফলপ্ৰসূ নহয়। অঞ্চলটোত অ’এনচিজিৰ নিযুক্ত ব্লকসমূহ হ’ল কেজি-ডি৫ আৰু চুবুৰীয়া কেজি-ডি৬ ব্লকসমূহ ৰিলায়েন্স আৰু বিপিৰ মালিকানাধীন।

চুবুৰীয়া ৰিলায়েন্স আৰু বিপিয়ে চুবুৰীয়া ব্লক হোৱাৰ সুবিধা লৈ অবৈধভাৱে অ’এনচিজিৰ ব্লকৰ পৰা প্ৰাকৃতিক গেছ উলিয়াবলৈ আৰম্ভ কৰে। তাৰ পাছতে কেন্দ্ৰই উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে।

অৱশ্যে, সেই গোচৰৰ একক বিচাৰপীঠৰ ৰায় ৰিলায়েন্সৰ পক্ষত যায়। কেন্দ্ৰই তেতিয়া উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠৰ সন্মুখত এখন আবেদন দাখিল কৰে।

১৪ ফেব্ৰুৱাৰীত, ৰেখা পাটিল আৰু সৌৰভ বেনাৰ্জীক লৈ গঠিত দিল্লী উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে কেন্দ্ৰৰ পক্ষত ৰায় দিয়ে।

অবৈধভাৱে গেছ উলিওৱাৰ দোষী সাব্যস্ত হোৱা ৰিলায়েন্সৰ পৰা ক্ষতিপূৰণ আৰু সুত হিচাপে কেন্দ্ৰই ২০ৰ পৰা ২৫ হেজাৰ কোটি টকা আদায় কৰিবলৈ সক্ষম হ’ব বুলি জনোৱা হৈছে।

আদালতৰ নিৰ্দেশৰ ভিত্তিত এইবাৰ কেন্দ্ৰটোৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ইয়াৰ সংযুক্ত প্ৰতিষ্ঠানলৈ ২৫ হেজাৰ কোটি টকাৰ চাহিদা জাননী প্ৰেৰণ কৰিছে।

Exit mobile version