Rehabilitation of Assam’s Elephant Joimala :অসমৰ হাতী জয়মালাক তাৎক্ষণিক পুনৰ্সংস্থাপনৰ আহ্বান ৫০জনৰো অধিক পশু চিকিৎসকৰ

jaimala

Rehabilitation of Assam’s Elephant Joimala :

দীঘদন ধৰি তামিলনাডুৰ মন্দিৰত বন্দী হৈ আছে অসমৰ হাতী জয়মলা । তামিল মন্দিৰৰ দ্বাৰা অবৈধভাৱে ৰখা অসমৰ হাতী জয়মালা (জেইমাল্যথা)ৰ তাৎক্ষণিক পুনৰ্সংস্থাপনৰ আহ্বান পশু চিকিৎসকৰ।

শেহতীয়াকৈ জয়মালাৰ দুৰ্দশাৰ এটা ভিডিঅ’ আৰু অন্যান্য নথিপত্ৰ পৰ্যালোচনা কৰাৰ পাছতে  দেশৰ বিভিন্ন প্ৰান্তৰ ৫০ জনতকৈও অধিক পশু চিকিৎসকে এক পশু চিকিৎসা মতামতত স্বাক্ষৰ কৰিছে যাক পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা) ইণ্ডিয়াৰ দ্বাৰা অসম আৰু তামিলনাডুৰ বিভিন্ন সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব ।

য’ত জয়মালা নামৰ নিৰ্যাতিত মাইকী হাতীটোক ততাতৈয়াকৈ কোনো অভয়াৰণ্যলৈ প্ৰেৰণ কৰি তাইক শিকলিৰ পৰা মুক্ত কৰাৰ লগতে অন্য হাতীৰ সংগ দিবলৈ পেটাই আহ্বান জনাইছে ।

উল্লেখ্য যে বিশেষজ্ঞ চিকিৎসক সকলে মতামত দিয়া অনুসৰি জয়মালাৰ বৰ্তমান বয়স ২২বছৰ ৷ বৰ্তমান তামিলনাডুৰ বিৰুধনগৰ জিলাৰ শ্ৰীভিলিপুথুৰ অৰুলমিগু নাচিয়াৰ(আন্দল)মন্দিৰৰ অবৈধ ব্যক্তিগত জিন্মাত থকাটো বিপজ্জনক বুলি গণ্য কৰা হয়। দীৰ্ঘদিন ধৰি এইদৰে আবদ্ধ হৈ থকাৰ বাবে সম্প্ৰতি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে জয়মালা ৷

Exit mobile version