Golokganj:
ধুবুৰী বন সংমণ্ডলৰ অধীনৰ ছাগলীয়া বন বিভাগৰ ছত্ৰছায়াত মাটিৰ ছিণ্ডিকেট চক্ৰই ইটা ভাটাত কৃষি ভূমিৰ মাটি যোগান ধৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ মতে, সিন্দুৰাই অঞ্চলত প্ৰশাসনৰ জ্ঞাতসাৰে কাঠফুলাৰ দৰে গজি উঠিছে ইটা ভাটা। ভাটা সমূহত ইটা তৈয়াৰ কৰিবলৈ ব্যাপক হাৰত মাটিৰ প্ৰয়োজন।
ইয়াৰ সুযোগ গ্ৰহণ কৰিছে মাটিৰ ছিণ্ডিকেট চক্ৰ। মাটিৰ কোনো ধৰণৰ বিভাগীয় কৰ পৰিশোধ নকৰি চক্ৰটোৱে ছাগলীয়া বন গাননিক কাৰ্যালয়ৰ বিভিন্ন বিষয়াৰ লগত গোপন বুজাবুজি কৰি অবৈধ ভাবে সিন্দুৰাইৰ বিভিন্ন স্থানত কৃষি ভূমি খনন অব্যাহত ৰাখিছে। চক্ৰটোৱে গাঁৱৰ কৃষক ৰাইজক ধনৰ লোভ দেখুৱাই কৃষি ভূমি খান্দি মাটি সমূহ ইটা ভাটাত যোগান ধৰি আহিছে। ফলত কৃষি ভূমি দ খালত পৰিণত হৈছে। ফলত খেতিৰ বাবে অনুপযোগী হৈ পৰে।
উৰ্বৰ কৃষি ভূমি এনেকৈ ধ্বংস হৈ থাকিলে স্বয়ং ভূমি পুত্ৰই ভূমিহীন পৰাটো নিশ্চিত হৈ পৰিছে। কৃষি ভূমি নষ্ট হোৱাৰ উপৰি ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্ম্যত অঞ্চলটোত দুৰ্ঘটনা বৃদ্ধি পোৱাৰো অভিযোগ উত্থাপিত হৈছে। অৰ্ধ শতাধিক ট্ৰেক্টৰ বৰ্তমান বেলগুৰি সত্ৰশাল পথত দৌৰী থকাত ছাত্ৰ ছাত্ৰী তথা সাধাৰণ ৰাইজ পথত চলাচল কৰোতে চৰম সমস্যাৰ সন্মুখীন হৈছে। বাইক চালক ব্যক্তিগত বাহন আটক কৰি জৰিমনা বিহাত পাৰ্গত আৰক্ষী সকলো দেখিও নিমাত।
বন বিভাগৰ ছত্ৰছায়াত চলিছে কৃষি ভূমি ধ্বংস অভিযান। পৰিবহন বিভাগৰো ভুমিকা সন্দেহজনক। শীঘ্ৰে অবৈধ কৃষি ভূমি খনন বন্ধ কৰাৰ লগতে উচ্চ পৰ্যায়ৰ তদন্ত কৰি ইয়াৰ লগত জড়িত বন বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।




































