GPC:ভাওনাক লৈ মন্ত্ৰী অশোক সিংহলে কৰা অশোভনীয় মন্তব্যৰ সদুত্তৰ নিদিলে মন্ত্ৰীগৰাকীয়ে

গুৱাহাটী প্ৰেছ ক্লাব নিজৰ স্থিতিত অটল ,ক্ষমা খোজক মন্ত্ৰী সিংহলে

asok

GPC:

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত ভাওনালৈ সৰ্বস্তৰৰ ব্যক্তি, ৰাজনৈতিক- অৰাজনৈতিক দল- সংগঠনক নিমন্ত্ৰণ জনোৱা হৈছে ৷ সেই উদ্দেশ্যে ৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰোঁতে তেওঁ ‘প্ৰেছ ক্লাবে ভাওনা কিয় পাতিব লাগে, ভাওনা ছেকুলাৰ নহয়’ জাতীয় বাক্যৰে গুৰুজনাক অপমান কৰা কাৰ্যৰ পাছত তেওঁৰ মানসিকতা সলনি কৰি স্পষ্টীকৰণ বিচাৰিছিল গুৱাহাটী প্ৰেছ ক্লাবে ৷

ADVERTISEMENT

কিন্তু ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো সদুত্তৰ নাপালে অসমৰ ৰাইজে৷ উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত এই সম্পৰ্কে এটা প’ষ্ট কৰি এই কথা নস্যাৎ কৰিছে যদিও গুৱাহাটী প্ৰেছ ক্লাবে আজিও নিজৰ দৃঢ় স্থিতি অটুট ৰাখিছে আৰু অনতি পলমে মন্ত্ৰী গৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়।

Exit mobile version