Guwahati Theft:মহানগৰীৰ চচলত নিশা ভয়ংকৰ ঘটনা

আৰক্ষীৰ জিন্মাত থকা অভিযুক্ত পলাবলৈ গৈ গুৰুতৰভাৱে আহত 

dispur police

Guwahati Theft:

মহানগৰীৰ চচলত বুধবাৰে নিশা দিছপুৰ আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ গৈ গুৰুতৰভাৱে আহত এজন অভিযুক্ত ৷ সোনৰ চেইন চুৰি ঘটনাৰে স’তে জড়িত থকা অভিযোগত আছাদুল ইছলাম নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰি গাড়ীৰে নি থকা পথত আৰক্ষীৰ বেহুফালি পলাবলৈ গৈ আন গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ৷ পিছত আৰক্ষীয়ে মুমূর্ষু অৱস্থাত ততাতৈয়াকৈ ভৰ্তি কৰে জিএমচিএইছত ৷ উল্লেখ্য যে,আছাদুল ইছলামে দীর্ঘদিন ধৰি মহানগৰীত চেইন, ম’বাইল চুৰিৰে একপ্ৰকাৰ সন্ত্রাস চলাই আহিছিল

ADVERTISEMENT
Exit mobile version