Dibrugarh BCPL:লাখৰ পৰিৱৰ্তে ৮০ জনকহে নিযুক্তি !

ব্যর্থ অসম চুক্তিৰ ফচল বিচিপিএল,ভটিয়নী উদ্যোগ স্থাপনৰ বাবে নাই উদ্যোগী, ৩৫০ বিঘাৰ ১৪২ বিঘা আবণ্টন প্লাষ্টিক পাৰ্কৰ ভূমি,পৰি ৰৈছে আবণ্টিত ভূমিও

borannn

Dibrugarh BCPL:

অসম চুক্তিৰ আধাৰত স্থাপন কৰা ‘ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰলিমিটেড’ (বিচিপিএল) প্রকৃত লক্ষ্য-উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে। এই প্ৰতিষ্ঠানৰ ভিত্তিত যি ভটিয়নী উদ্যোগ স্থাপনৰে ৰাজ্যৰ ঔদ্যোগিক খণ্ডক এক উল্লেখযোগ্য গতি দিয়াৰ লক্ষ্য লোৱা হৈছিল, সেয়া সম্পূর্ণ ব্যৰ্থ হৈছে। সমান্তৰালভাৱে ৰাজ্যৰ ভয়াৱহ নিবনুৱা সমস্যাৰ কিয়দাংশ সমাধানতো বিচিপিএলৰ ব্যৰ্থতা স্পষ্ট হৈছে। কিয়নো বিচিপিএলৰ ভিত্তিত স্থাপন কৰা প্লাষ্টিক পাৰ্কৰ জৰিয়তে এক লাখ লোকক সংস্থাপনৰ লক্ষ্য লোৱা হৈছিল; কিন্তু ইয়াৰ বিপৰীতে এতিয়ালৈকে মাত্র ৮০ জনেহে নিযুক্তি লাভ কৰিছে।

ADVERTISEMENT

বহুতে কর্মসংস্থাপনো হেৰুৱাইছে। এই ব্যর্থতাক চৰকাৰীভাৱেও স্বীকাৰ কৰি লোৱা হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বড়াই বিধানসভাত বিচিপিএলৰ এক প্ৰসংগত মন্তব্য কৰি কয়, ‘ভটিয়নী উদ্যোগ স্থাপনত আশাব্যঞ্জক সঁহাৰি পোৱা নগ’ল। বিচিপিএলৰ ভিত্তিতে পূৰ্বৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত গেনাপুখুৰী চাহ বাগিচাত বৃহৎ পৰিমাণৰ ভূমি অধিগ্রহণ কৰি এখন ‘প্লাষ্টিক পার্ক’ স্থাপন কৰা হৈছিল। ইয়াত প্লাষ্টিকৰ সামগ্রী উৎপাদনৰ বাবে উদ্যোগ স্থাপনৰ লক্ষ লোৱা হৈছিল। ইয়াৰ জৰিয়তে এক বৃহৎ সংখ্যক নিযুক্তিৰো আশা কৰা হৈছে। এই সকলো আশা নির্বাপিত হয়।’

উদ্যোগ বিভাগৰ তথ্য অনুসৰি, ২০০৭ৰ ন এপ্রিলত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ড: মনমোহন সিঙে বিচিপিএলৰ নির্মাণ কাৰ্য আৰম্ভ কৰিছিল। ২০১৬ৰ পাঁচ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিচিপিএলত উৎপাদন আৰম্ভ কৰিছিল। সমান্তৰালভাৱে প্লাষ্টিক পার্কো আৰম্ভ হয়। এই পাৰ্কৰ বাবে ৩৫০ বিঘা ভূমি সংৰক্ষিত কৰা হয়। তাবে ১৪২ বিঘা ভূমি আবণ্টন দিয়া হৈছে। আবণ্টন দিবলৈ বাকী থকা ভূমিৰ পৰিমাণ হ’ল ২০৪ বিঘা।

বিধানসভাত উদ্যোগ মন্ত্রী বড়াই সদৰী কৰে যে ১৪২ বিঘা ভূমি ১১ টা ভটিয়নী উদ্যোগ স্থাপনৰ বাবে আবণ্টন দিয়া হৈছে। তাৰে মাজৰ তিনিটাইহে এতিয়ালৈকে উৎপাদন আৰম্ভ কৰিছে। আঠটাই এতিয়ালৈকে একোৱেই নকৰিলে। বড়াই কয়, ‘প্লাষ্টিক পাৰ্কৰ চৰ্তটো হ’ল তাত প্লাষ্টিকৰ সামগ্রী উৎপাদন কৰিব লাগিব। প্লাষ্টিকৰ সামগ্ৰীৰ চাহিদা যথেষ্ট বেছি, কিন্তু উদ্যোগীয়ে তাত উদ্যোগ স্থাপন নকৰিলে। অর্থাৎ উদ্যোগীৰ পৰা প্লাষ্টিক পার্কত আশাব্যঞ্জক সঁহাৰি পোৱা নগ’ল।’

এনে ব্যর্থতাৰ বাবেই বিগত ২০২১ৰ পৰা প্লাষ্টিক পার্কখন সকলো ধৰণৰ উদ্যোগ স্থাপনৰ বাবে মুকলি কৰি দিয়া হয়। তাৰ ফলত তাত চাৰিটা অন্য উদ্যোগে উৎপাদন আৰম্ভ কৰিছে। প্লাষ্টিক পাৰ্কৰ লক্ষ্য-উদ্দেশ্য ধূলিসাৎ হোৱাৰ পৰিণতিতে ভটিয়নী উদ্যোগৰ বাহিৰৰ এশটা প্রতিষ্ঠানকো ভূমি আবণ্টন দিয়া হয়।

তেনে উদ্যোগৰ ভিতৰত আছে খাদ্য সংশাধন, ষ্টীল ফেব্রিকেছন, আচবাব নির্মাণ, জিআই ৱেৰ, ফেন্সিং, প্রিন্টিং, জইচ উৎপাদন আৰু বৈদ্যুতিক সামগ্রী উৎপাদন। এইবোৰৰ মাত্ৰ চাৰিটাইহে উৎপাদন কাৰ্য আৰম্ভ কৰিছে। এক লাখ নিযুক্তিৰ লক্ষ্যৰ বিপৰীতে মাত্র ৮০ জনেহে সংস্থাপন পোৱা তথা বহুতে কর্মসংস্থাপন হেৰুওৱা বিষয়টো বিধানসভাত উত্থাপন কৰি আক্ষেপ প্রকাশ কৰে অসম গণ পৰিষদৰ পোনাকণ বৰুৱাই

Exit mobile version