Yogi government:
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত যুৱক- যুৱতীসকলক উদ্যোগপতি কৰিবলৈ এটা ডাঙৰ ঘোষণা কৰিছে। গোৰখপুৰত এখন ৰাজহুৱা সভাৰ পৰা মুখ্যমন্ত্রীয়ে জনাইছে যে ৰাজ্যত ১০ লাখ যুৱ উদ্যোগপতি সৃষ্টিৰ বাবে চৰকাৰে উদ্যোগ হাতত লৈছে ৷
ধন যাতে সফলতাৰ বাটত বাধাৰ সৃষ্টি নহয় তাৰ বাবেই যুৱ উদ্যোগীসকলৰ বাবে পাঁচ লাখ টকাৰ ঋণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি যোগী আদিত্যনাথে কয় যে ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাত ২৪ জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী ‘যুৱ উদ্যমী যোজনা’ আৰম্ভ কৰা হৈছে।
আমাৰ আঁচনিখনৰ জনপ্ৰিয়তা ইমানে বেছি যে মাত্ৰ দুই মাহত, ২.৫৪ লাখতকৈও অধিক যুৱক-যুৱতীয়ে আবেদন কৰিছে। যাৰ ভিতৰত এক লাখ আবেদন বেংকলৈ প্ৰেৰণ কৰা হৈছে।
যাৰ ভিতৰত ২৪ হেজাৰ প্ৰাৰ্থীৰ বাবে ৯৩১ কোটি টকাৰ ঋণ অনুমোদিত হৈছে। ১০,৫০০ জন প্ৰাৰ্থীৰ বাবে ৪১০ কোটি টকাৰ ঋণ দিয়া হৈছে। আমি এইবাৰৰ লক্ষ্য ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিম
তেওঁ কয়,” আমি ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ কিবা এটা কৰাৰ সাহস আৰু অদম্য প্ৰচেষ্টাক সন্মান জনাইছো। তেওঁলোকৰ দৃষ্টি শক্তি আৰু লক্ষ্য প্ৰশংসনীয়। আমাৰ উদ্দেশ্য হৈছে যে তেওঁলোকৰ সফলতাৰ পথত যাতে ধন নাহে। বহুতো যুৱক-যুৱতীয়ে তেওঁলোকৰ নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে। আমি কেৱল তেওঁলোকক আৰ্থিকভাৱে সমৰ্থন কৰি আছো। ”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমি উপ-ৰাষ্ট্ৰপতিৰ হাতেৰে এই নতুন পৰ্টেলটো উদ্বোধন কৰিছো।
য’ত যুৱ সকলে আবেদনৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ পাঁচ লাখ টকালৈকে ঋণ লাভ কৰিব পাৰে। চৰকাৰে তেওঁলোকে লাভ কৰা ধনৰ সূতৰ ওপৰত ১০ শতাংশ ৰেহাই দিব।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লগতে কয় যে পিছপৰা জাতি আৰু জনজাতিৰ যুৱক-যুৱতীসকলক অতিৰিক্ত ৰেহাই দিয়া হ’ব।