Rolls-Royce La Rose Noire Droptail
বিলাসী গাড়ীয়ে সদায়ে গাড়ীপ্রেমিক মুগ্ধ কৰি আহিছে। যেতিয়া আমি সবাতোকৈ দামী বিলাসী গাড়ীৰ কথা কও, তেতিয়া সদায় ৰ’লছ ৰয়েছ তালিকাৰ শীৰ্ষত থাকে।
সম্প্রতি ৰ’লছ ৰয়েছে কোম্পানীটোৰ সবাতোকৈ অধিক মূল্যৰ গাড়ীত ৰ’লছ ৰয়েছ লা ৰোজ ন’য়াৰ ড্ৰপটেলৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰিছে।
এই অতি বিলাস বহুল গাড়ীখনৰ মূল্য প্রায় ৩০ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ২৫০ কোটি টকাৰ ইতিমধ্যে লা ৰ’জ ন’য়াৰ ড্ৰপটেল বৰ্তমানলৈকে নির্মিত বিশ্বৰ দামী গাড়ীৰ অন্যতম হিচাপে পৰিচিত হৈছে।
অলপতে কেলিফ’র্ণিয়াৰ পেবল বীচত এক ব্যক্তিগত অনুষ্ঠানত বিলাসবহুল গাড়ীখন হস্তান্তৰ কৰা হৈছিল। কিন্তু যি ব্যক্তিয়ে ২৫০ কোটিটকীয়া গাড়ীখন ক্ৰয় কৰিলে তেওঁৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই ৷