Car:✒️বস্তু আৰু সেৱা কৰ চমুকৈ জিএছটি হাৰ সংশোধনৰ পাছত আন বিভিন্ন সামগ্ৰীৰ লগতে গাড়ীৰ দামো হ্রাস পোৱাটো নিশ্চিত হোৱাত গাড়ী কিনিম বুলি পৰিকল্পনা কৰি থকা গ্রাহকসকলৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছিল। সম্প্রতি শাৰদীয় দুর্গোৎসৱৰ প্ৰাকমুহূর্তত বিভিন্ন নামী-দামী গাড়ী নির্মাতা সংস্থাই গ্রাহকসকলৰ এই আনন্দ দুগুণে চৰায় ভিন ভিন মডেলৰ দাম হ্রাস কৰাৰ কথা ঘোষণা কৰিছে।
জাগুৱাৰ লেণ্ড ৰ’ভাৰ
জাগুৱাৰ লেণ্ড ৰ’ভাবে ইয়াৰ বাহনৰ মূল্য ন্যূনতম ৪.৫ লাখ টকাৰ পৰা সর্বোচ্চ ৩০.৪ লাখ টকা পর্যন্ত হ্রাস কৰি জিএছটি হাৰ হ্ৰাসৰ সুবিধা গ্রাহকক প্রদান কৰাৰ কথা ঘোষণা কৰিছে। তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ এই নতুন মূল্য নির্ধাৰণ কৰা হৈছে। সংস্থাটোবে এক বিবৃতিত কয় যে এই মূল্য হাসে ৰেঞ্জ ৰ’ভাৰ, ডিফেণ্ডাৰ আৰু ডিস্কভাৰী ব্ৰেণ্ডৰ সমগ্র পর্টফলিঅ’ত ৪.৫ লাখৰ পৰা ৩০.৪ লাখ টকাৰ মূল্যৰ পৰিসৰৰ গ্রাহকক লাভান্বিত কৰিব। ইপিনে, ভলভো কাৰ ইণ্ডিয়ায়ো অহা ২২ ছেপ্টেম্বৰৰ পৰা আইচিই পৰ্টফলিঅ’ত বাহনৰ মূল্য ৬.৯ লাখ টকা পর্যন্ত হ্রাস কৰিব বুলি স্পষ্ট কৰিছে।
টাটা মটৰ্ছ আৰু ৰেন’ ইণ্ডিয়া
অহা ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব লগা নতুন জিএছটি হাৰৰ সম্পূৰ্ণ সুবিধা গ্ৰাহকৰ বাবে আগবঢ়াবলৈ সাজু হৈছে টাটা মটৰ্ছ আৰু বেন’ ইণ্ডিয়ায়ো। টাটা মটছে গাড়ীৰ মূল্য ১.৪০ লাখ টকালৈ হ্রাস কৰাৰ কথা ঘোষণা কৰিছে। একে সময়তে বেন’ ইণ্ডিয়াই ইয়াৰ বিভিন্ন মডেলৰ দাম ন্যূনতম ৪০,০৯৫ টকাৰ পৰা সৰ্বাধিক ৯৬,৩৯৫ টকা পর্যন্ত হ্রাস কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোবে জনিবলৈ দিয়া মতে, ইতিমধ্যে সংশোধিত মূল্যত সমগ্ৰ দেশৰ ডিলাৰশ্বিপত গাড়ীৰ বুকিং আৰম্ভহৈছে। শেহতীয়া মূল্য সংশোধনৰ লগে লগে বেন’ ইণ্ডিয়াৰ মডেলসমূহ এতিয়া পূৰ্বতকৈ অধিক সুলভ হৈ পৰিছে। এন্ট্রি লেভেল বেন’ কুইডৰ মূল্য এতিয়া মাত্র ৪.২৯ লাখ টকাৰ পৰা আৰম্ভহৈছে, আনহাতে, বেন’ কিগাৰ আৰু বেন’ ট্রাইবাৰৰ মূল্য ৫.৭৬ লাখ টকাৰ পৰা আৰম্ভ হৈছে। ইপিনে, মাঝতি চুজুকি ইণ্ডিয়ায়ো শীঘ্রেই ইয়াৰ বাহনসমূহৰ মূল্য হ্রাসৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে।
মহিন্দ্রা এণ্ড মহিন্দ্রা
মহিন্দ্রা এণ্ড মহিন্দ্রা লিমিটেডে ইয়াৰ যাত্রীবাহী বাহনৰ মূল্য ১.৫৬ লাখ টকা পর্যন্ত হ্রাস কৰিছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সংশোধিত মূল্য ঘোষণা কৰা হৈছে। সংস্থাটোৱে জনোৱা মতে, প্রযোজ্য সকলো সংশোধিত মূল্য ডিলাৰশ্বিপ আৰু ডিজিটেল প্লেটফর্মত উপলব্ধ হ’ব। সংস্থাটোৱে ঘোষণা কৰা নতুন সংশোধিত হাৰ অনুসৰি, বলেৰো-নিও বেঞ্জৰ মূল্য ১.২৭ লাখ, এক্সইউভিথ্রীএক্সঅ’ (পেট্ৰ’ল)ৰ ১.৪ লাখ, এক্সইউভিথ্রীএক্সঅ’ (ডিজেল)ৰ ১.৫৬ লাখ, থাৰ টুডব্লিউডি (ডিজেল) ১১.৩৫ লাখ, থাৰ ফোৰডব্লিউডি (ডিজেল) ৰ ১.০১ লাখ আৰু স্কৰপিঅ’ ক্লাচিকৰ মূল্য ১.০১ লাখ টকাকৈ হ্রাস কৰা হৈছে। একেদৰে স্কৰপিঅ’-এনৰ মূল্য ১.৪৫ লাখ, থাৰ ৰকছৰ ১.৩৩ লাখ আৰু এক্সইউভি৭০০ৰ মূল্য ১.৪৩ লাখ টকা হ্রাস কৰা হৈছে।
টয়োটা ফচুনাৰ, ইনোভা সস্তা হৈছে ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী
হোৱাকৈ টয়োটা কিল’স্কাৰ মটৰে ইয়াৰ সমগ্ৰ ৰেঞ্জতে মূল্য হ্রাস কৰিছে। পূজাৰ বতৰত সংস্থাটোৰ সর্বাধিক জনপ্রিয় মডেল ক্রয় কৰিলে গ্রাহকসকলে ৩.৪৯ লাখ টকা পর্যন্ত সঞ্চয় কৰিব পাৰিব। সংস্থাটোৱে বিশেষকৈ ফচুনাৰ আৰু ইনোভাৰ দৰে মডেলৰ মূল্য যথেষ্ট কৰ্তন কৰিছে। সংস্থাটোৰ বিলাসী এছইউভি ফচুনাৰৰ মূল্যত আটাইতকৈ বেছি সালসলনি দেখা গৈছে। এই মডেলখনৰ মূল্য এতিয়া পূর্বতকৈ ৩.৪৯ লাখ পর্যন্ত কম হ’ব। ইয়াৰ পাছতে আছে ফচুনাৰ লেজেণ্ডাৰ, যাৰ মূল্য কমিছে আগতকৈ ৩.৩৪ লাখ টকা। আনহাতে, হাইলাক্স পিক-আপ আৰু প্রিমিয়াম ভেলফায়াৰ এমপিভি ক্রমে ২.৫৩ লাখ আৰু ২.৭৮ লাখ টকা সস্তা হৈছে। ইপিনে, টয়োটাৰ জনপ্রিয় গাড়ীসমূহৰ ভিতৰত ইনোভা ক্রীষ্টা এতিয়া ১.৮১ লাখ টকা অধিক সুলভ হোৱাৰ বিপৰীতে ইনোভা হাইক্ৰছৰ মূল্য ১.১৬ লাখ টকা হ্রাস কৰা হৈছে। আনহাতে, কমপেক্ট আৰু মিড চাইজ ছেগমেণ্টত গ্লাঞ্জা হেচবেক ৮৫,৩০০ টকা পর্যন্ত সস্তা হোৱাৰ বিপৰীতে আৰ্বান ক্রুজাৰ টাইজাৰৰ মূল্য ১.১১ লাখ টকা পর্যন্ত হ্রাস পাইছে।
হোণ্ডা মটৰ চাইকেল
আগশাৰীৰ দুচকীয়া বাহন নির্মাতা হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া প্রাইভেট লিমিটেডে ৩৫০ চিচি পর্যন্ত মডেলৰ মূল্য ১৮,৮০০ টকা পর্যন্ত হ্রাস কৰাৰ সিদ্ধান্ত লৈছে। অহা ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই সংশোধিত মূল্য। সংস্থাটোৱে এটা বিবৃতিযোগে জনাইছে যে জিএছটি হ্রাস পোৱাৰ সম্পূৰ্ণ সুবিধা গ্রাহকক তেওঁলোকৰ প্ৰডাক্ট পর্টফলিঅ’ত প্ৰদান কৰা হ’ব। সংস্থাটোৰ বিক্ৰী আৰু বিপণন সঞ্চালক যোগেশ মাথুৰে কয় যে দুচকীয়া বাহন আৰু পাৰ্টছৰ জিএছটি হ্রাস কৰাটো এটা সময়োপযোগী আৰু দূৰদৰ্শী পদক্ষেপ, যিয়ে বাহনসমূহ অধিক সুলভ কৰি তুলিব আৰু সামগ্রিক পৰিৱেশ তন্ত্র শক্তিশালী কৰিব। উল্লেখ্য যে জিএছটি পৰিষদে দুচকীয়া বাহনৰ কৰ হাৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্রাস কৰিছে।






























