আওকাণ নকৰিব এইসমূহ লক্ষণ !  

হ'ব পাৰে লিভাৰ বেয়া

images 1 1

Health care

ADVERTISEMENT

শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ বা যকৃত। লিভাৰৰ ক্ষতিৰ লক্ষণসমূহে হঠাতে বা লাহে লাহে দেখা দিব পাৰে। লিভাৰ বেয়া হ’লে সাধাৰণতে এনে ধৰণৰ লক্ষণসমূহ দেখা দিব পাৰে ।

হঠাৎ উজন বৃদ্ধিঃ-

যেতিয়া আমাৰ শৰীৰত বিষাক্ত প্ৰদাৰ্থৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া লিভাৰৰ ওপৰত অত্যাধিক হেচাঁ পৰিবলৈ লয়।

আৰু লিভাৰত জমা হোৱা টস্কিন শৰীৰৰ ছৰ্বিকোষ সমূহত জমা হ’বলৈ ধৰে। যদি লিভাৰৰ দূৰ্ব্বলতাৰ বাবে শৰীত উজন আৰু ছৰ্বি বৃদ্ধি হ’বলৈ ধৰে তেতিয়া এনেদৰে বৃদ্ধি হোৱা উজন কম কৰাটো অত্যন্ত কঠিন হৈ পৰে।

সেয়েহে যিসকল লোকে সকলো প্ৰয়াস কৰা পাছতো দীৰ্ঘদিন ধৰি মেদবহুলতা সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ সক্ষম হোৱা নাই তেনে হলে এবাৰ লিভাৰৰ পৰীক্ষা কৰাই লোৱা ভাল হব।

এলাৰ্জিঃ-

সৰ্ব্বসাধাৰণতে শৰীৰত হোৱা এলাৰ্জি বেক্টেৰিয়া বা ফাংগাচৰ কাৰণে হয়। কিন্ত বহুসময়ত চালত হোৱা ৰঙা দাগ, খৰ, সজুলি বা এলাৰ্জি লিভাৰ বেয়া হোৱা কাৰণেও হ’ব পাৰে।

যেতিয়া লিভাৰত তক্সিন বা বিশাক্ত পদাৰ্থৰ মাত্ৰা বৃদ্ধি হয় তেতিয়া তাৰ প্ৰভাৱ আমাৰ চালতো পৰিব ধৰে।

তেতিয়া আমাৰ চাল অত্যন্ত স্পৰ্শকাতৰ হৈ পৰে। আৰু বিভিন্ন থাইত ৰঙা দাগ হ’বলৈ ধৰে। লগতে অলপ অলপ খজুলিও হ’বলৈ ধৰে। সৰ্বসাধাৰণতে এনে ধৰণৰ এলাৰ্জি হাত আৰু ভৰিত হয়

লিভাৰৰ ওচৰত বিষ

যদি লিভাৰৰ আশে পাশে বিষ অনুভৱ হৈ থাকে তেনেহলে ভাবিব লাগিব যে আপোনাৰ লিভাৰ অসুস্থ হৈছে।

গৱেষণাৰ দ্বাৰা পোৱা তথ্য অনুসৰি , আমাৰ লিভাৰত ৫০ ত কৈও অধিক ভিন্ন ভিন্ন বেমাৰ হ’ব পাৰে।

কিছুমান বেমাৰ শিশু অৱস্থাৰ পৰাই হ’ব পাৰে আৰু কিছুমান খাদ্য অভ্যাস আৰু অত্যাধিক মদ্য প্ৰাণৰ বাবে হ’ব পাৰে।

যদি আমাৰ লিভাৰে ভালদৰে কাম নকৰে তেনেহলে তাৰ বাবে লিভাৰৰ আশে পাশে থাইখিনিত মৃদু বিষ অনুভৱ হ’ব পাৰে।

দীৰ্ঘ সময় ধৰি যদি লিভাৰৰ লক্ষণ সমূহ মন কৰা নহয় বা অৱহেলা কৰা হয় তেতিয়া লিভাৰটো ফুলি উঠিবলৈ ধৰে।

বা লিভাৰৰ যটিলতা আহিব পাৰে। গতিকে এই লক্ষণ সমূহ যদি প্ৰকাশ পায় আপোনি গম পাব লাগিব যে আপোনাৰ লিভাৰটো বেয়া হৈছে।

মূখৰ দূগৰ্ন্ধ হোৱাঃ-

এনেকুৱা বহু বস্তু আছে যিবোৰ খালে মূখৰ দূগৰ্ন্ধ হয়। কিন্তু বহু পৰিস্থিতিত মূখ পৰা উলোৱা দূগৰ্ন্ধত লিভাৰৰ বিসংগতিৰ অন্যতম কাৰণ হ’ব পাৰে। আমাৰ শৰীৰৰ প্ৰতিটো অংগৰে প্ৰতিটোৰ লগত আভ্যন্তৰীণ সম্পৰ্ক থাকে।

সেয়ে লিভাৰ বেয়া হোৱাৰ লগে লগে পেটৰ সমস্যাও দ্ৰুত গতিত বৃদ্ধি হবলৈ ধৰে। পেট বেয়া হোৱাৰ লগে লগে আমাৰ উশাহ-নিশাহত দূগৰ্ন্ধ আহে ই লিভাৰ বেয়া হোৱাৰ এক সাধাৰণ আৰু আৰম্ভনিৰ লক্ষণ হয়।

ভৰি আৰু গাঁঠি ফুলি উঠাঃ-

যেতিয়া আমি লিভাৰত হোৱা সমস্যাৰ বিষয়ে গম নাপাও বা ইয়াৰ লক্ষণ সমূহ অৱহেলা কৰো তেতিয়া শৰীৰটোৱে ইয়াক নিজেই ঠিক কৰাৰ প্ৰয়াস কৰে।

যেতিয়া লিভাৰে বিভিন্ন কামৰ লগতে নিজৰ বিসংগতি নিজেই ঠিক কৰিবলৈ আৰম্ভ কৰে তেতিয়া লিভাৰটোৰ কাৰ্যপ্ৰণালী লেহেমীয়া হ’বলৈ ধৰে।

লেহেমীয়া হোৱাৰ লগে লগে ব্লাড প্ৰেছাৰ বৃদ্ধি হৈ যাবলৈ ধৰে। আৰু শৰীৰত থকা ফ্লুইড অথবা তৰল শৰীৰৰ নিম্ন অংগত জমা হ’বলৈ ধৰে।

যাৰ বাবে ভৰি ফুলিবলৈ আৰম্ভ কৰে।এই অৱস্থাটোক ইডিমা বুলি কোৱা হয়। সৰ্ব্বসাধাৰণতে এই ধৰণৰ অৱস্থা অঁঠুৰ তলত বেছিকৈ হোৱা দেখা যায়। এনেধৰণৰ সমস্যাত বিষ নাথাকে।

Exit mobile version