GI Tag জিআই স্বীকৃতিয়েও সুৰক্ষিত কৰিব পৰা নাই অসমীয়াৰ আদৰৰ ফুলাম গামোচাখন। একাংশ অসাধু ব্যৱসায়ীয়ে বহিঃৰাজ্যত পাৱাৰলুম অর্থাৎ মেচিনত প্ৰস্তুত কৰা নকল গামোচা অসমৰ বজাৰত কম দামত মেলি দিছে।
উত্তৰ-পূবৰ বাণিজ্যিক কেন্দ্ৰস্থল ফাঁচীবজাৰৰ পৰাই নিয়ন্ত্ৰণ হৈছে এই নকল গামোচাৰ এই নিষিদ্ধ বজাৰখন। ব’হাগ বিহুৰ সময়ত গামোচাৰ বজাৰ দখলৰ লক্ষ্যৰে একাংশ অসাধু ব্যৱসায়ীয়ে গুজৰাটকে ধৰি কে’বাখনো বহিঃৰাজ্যৰ পৰা কে’বা লাখ পাৱাৰলুমৰ গামোচা অসমলৈ অনা বুলি ইতিমধ্যে ‘দৈনিক অগ্ৰদূত’ত বিস্তৃত তথ্যসহ প্রকাশ পাইছে।
মঙলবাৰে এনে নকল তথা অসমত বিক্রী নিষিদ্ধ গামোচাৰ সন্ধানত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে তালাচী চলায়। এই অভিযানত ফাঁচী বজাৰকে
ধৰি ধুবুৰী, ডিব্ৰুগড় আদিত বৃহৎ পৰিমাণৰ নকল গামোচা জব্দ কৰাৰ ঘটনাই ৰাজ্যত যে এতিয়াও নকল গামোচাৰ ক’লা বজাৰ অব্যাহত আছে, তাকেই পুনৰ প্ৰমাণিত কৰিলে ।
উল্লেখ্য যে অসমৰ মৌলিক ফুলাম গামোচাই স্বকীয়তা অক্ষুণ্ণ ৰাখিব পৰাকৈ ২০২২ৰ ডিচেম্বৰত ভৌগোলিক পৰিচয় (জিআই)ৰ স্বীকৃতি লাভ কৰিছিল। তৎসত্ত্বেও বহিঃৰাজ্যত মেচিনত তৈয়াৰী গামোচাই অসমীয়াৰ পৰিচয় ফুলাম গামোচাৰ স্বকীয়তালৈ নমাই আনিছে গভীৰ প্ৰত্যাহ্বান।
চৰকাৰেও বহিঃৰাজ্যত মেচিনত তৈয়াৰী গামোচা বিক্ৰী নিষিদ্ধ কৰিছে যদিও এই নিষেধাজ্ঞা আৰু জিআই স্বীকৃতিক অংগুষ্ঠ দেখুৱাই ৰাজ্যত প্ৰান্তে প্রান্তে বিক্ৰী হৈ আছে পাৱাৰলুম তথা মেচিনত প্ৰস্তুত কৰা গামোচা।
ইয়াৰ বিৰুদ্ধে মঙলবাৰে সংশ্লিষ্ট বিভাগে চলোৱা অভিযানত কেৱল ফাঁচী বজাৰৰ পৰাই সাত শতাধিক নকল তথা পাৱাৰলুমৰ গামোচা জব্দ কৰা হৈছে। বিভাগটোৰ সূত্ৰই সদৰী কৰা অনুসৰি, নকল গামোচাৰ বিৰুদ্ধে মঙলবাৰে ৰাজ্যজুৰি অভিযান চলোৱা হয়।
গুৱাহাটীৰ ফাঁচী বজাৰকে ধৰি ধুবুৰী, বোকাখাত, গোসাঁইগাঁও, বিশ্বনাথ, ধেমাজি, কামৰূপ গ্ৰাম্য,
বঙাইগাঁও, ৰঙিয়া, বৰপেটা, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলীৰ কমলাবাৰী, গহপুৰ, হাজো আদি নগৰসমূহত এই অভিযান চলে।
এই অভিযানসমূহৰ ভিতৰত ফাঁচী বজাৰত ৬৫০ খন, ধুবুৰী আৰু ডিব্ৰুগড়ত ১০খনকৈ নকল তথা পাৱাৰলুমৰ গামোচা জব্দ হোৱাৰ তথ্য আহিছে। অৱশ্যে সন্ধিয়া পর্যন্ত বাকী স্থানসমূহৰ তথ্য অহা নাই।
লগতে সূত্ৰটোৱে কয় যে এই স্থানসমূহৰ কিছু নিৰ্দিষ্ট বিপণীত সংশ্লিষ্ট জিলা প্ৰশাসনৰ সহযোগত বিভাগে এই অভিযান চলায়। যিহেতু সকলো ব্যৱসায়িক প্রতিষ্ঠান সামৰি ল’ব পৰাকৈ পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীৰ নাই, সেয়ে এই অভিযান ধাৰাবাহিক অব্যাহত থাকিব । উল্লেখ্য যে ফাঁচীবজাৰৰ কে’বাখনো বিপণীত আজি এই অভিযান চলোৱাৰ পাছতে নকল গামোচা মজুত ৰখা অন্যান্য বহু বিপণী সজাগ হৈ পৰাৰ অভিযোগ উঠিছে।
স্বয়ং বিভাগীয় সূত্রই প্ৰকাশ কৰা অনুসৰি, এইদৰে অভিযান চলাই নকল গামোচাৰ বেহা ৰোধ কৰাটো সম্ভৱ নহয়। নিৰ্দিষ্ট খবৰৰ ভিত্তিত যদি কোনো নির্দিষ্ট দোকানত অভিযান চলোৱা হয়,তেতিয়া সেই দোকানখনত থকাখিনিহে জব্দ কৰিব পৰা যায়। লগতে এখন দোকানত অভিযান চলাৰ লগে লগে বাকী ব্যৱসায়ীসকল সজাগ হৈ যায় বুলি সূত্ৰটোৱে সদৰী কৰে।
ইয়াৰ বাবে পৰ্যাপ্ত বিষয়া-কৰ্মচাৰী আৰু নিখুঁত পৰিকল্পনাৰ আৱশ্যক হ’ব বুলি সূত্ৰটোৱে কয়। উল্লেখ্য যে থলুৱা শিপিনীৰ হাতৰ গামোচাখনৰ আধা দামত পাৱাৰলুমৰ গামোচাখন বজাৰত উপলব্ধ ৷ আনকি বজাৰত সম্প্ৰতি উপলব্ধ পাৱাৰলুমৰ গামোচাখন ইমান নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে যে এইখন থলুৱা নে পাৱাৰলুমৰ ধৰিবকে নোৱাৰা হৈ পৰিছে।