তিনিচুকীয়াত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থীৰ

আগ্ৰসী ৰূপত শাসক

IMG 20250410 220247

Tinisukia: ৰঙালী বিহুৰ ধামখুমীয়াৰ মাজতে ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে৷শাসন বিৰোধী উভয়ে নিজ নিজ অঞ্চলত প্ৰচণ্ডৰ প্ৰাৰ্থীকলৈ প্ৰচাৰৰ কুচকাৱাজ আৰম্ভ কৰিছে৷

ADVERTISEMENT

ইতিমধ্যে প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰিছে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন৷ বৃহস্পতিবাৰে তিনিচুকীয়াতো মনোনয়ন দাখিল কৰিছে কেবাজনো শাসক-বিৰোধীৰ প্ৰাৰ্থীয়ে৷

তিনিচুকীয়া জিলা পৰিষদৰ ২২খন আসনৰ বাবে আজি ডিগবৈ সমষ্টিত নতুনকৈ অন্তভূক্ত হোৱা বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ জিলা পৰিষদ আৰু টঙনা গাঁও পঞ্চায়তৰ জিলা পৰিষদ সদস্য পদৰ শাসক পক্ষৰ দুগৰাকী প্ৰাৰ্থীয়ে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিছে৷

বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ জিলা পৰিষদ সদস্যা প্ৰাৰ্থী সোণমাই মৰাণ,টঙনা গাঁও পঞ্চায়তৰ জিলা পৰিষদ সদস্যা প্ৰাৰ্থী ৰশ্মিৰেখা দহোটীয়া আৰু বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী সূৰ্য্যকান্ত সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিছে৷

সমান্তৰালভাৱে তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়তৰ জিলা পৰিষদ সদস্য পদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী সকলে শাসক পক্ষৰ হৈ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷ইপিনে বিৰোধী শিবিৰৰ প্ৰাৰ্থী সকলেও মনোনয়ন পত্ৰ দাখিল কৰিছে যদিও বৰ উৎসাহজনক পৰিলক্ষিত হোৱা নাই বিৰোধী প্ৰাৰ্থী সকলৰ মাজত৷

কিছু পঞ্চায়তত বৰ্তমানলৈ প্ৰাৰ্থীকে চূড়ান্ত কৰিব পৰা নাই৷ শাসক পক্ষৰ আগ্ৰাসী নিৰ্বাচনী ঢৌৰ বিপৰীতে বিৰোধী পক্ষৰ নিৰ্বাচনী ঢৌ একেবাৰে সেমেকা পৰিলক্ষিত হৈছে তিনিচুকীয়া জিলাত৷

Exit mobile version