ভাৰতলৈ প্ৰত্যপৰ্ণ ২৬/১১ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ৰাণা! 

images 3 1

Tahawwur Rana :এতিয়া আৰু কোনো অপ্ৰয়োজনীয় পলম নহয়। মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণা ভাৰতত ভৰি দিয়াৰ লগে লগে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলৈ মোডী চৰকাৰে চলাইছে চেষ্টা।

ADVERTISEMENT

সেই উদ্দেশ্যে ভাৰতত ভৰি দিয়াৰ আগতে ৰাণাৰ বিৰুদ্ধে যুক্তি দিবলৈ কেন্দ্ৰই নিযুক্তি দিয়ে বিখ্যাত অধিবক্তা নৰেন্দ্ৰ মানক।

আজি আমেৰিকাৰপৰা এখন বিশেষ বিমানেৰে লৈ অহা হৈছে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড তাহাউৰ ৰাণাক।

ৰাণাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ দ্বাৰা এনআইএ বিষয়াসকলক গতাই দিয়া হয়। ৰাণাক বৃহস্পতিবাৰে এনআইএয়ে ভাৰতত অৱতৰণ কৰাৰ সময়ত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হ’ব।

ভয়ংকৰ সন্ত্ৰাসবাদীজনক দিল্লীৰ তিহাৰ কাৰাগাৰত ৰখা হ’ব। প্ৰথমতে, দিল্লী আৰু মুম্বাইৰ দুখন কাৰাগাৰত ৰাণাৰ বাবে দুটা উচ্চ সুৰক্ষা কোষ সাজু ৰখা হৈছে।

সূত্ৰ অনুসৰি, দিল্লীত অৱতৰণ কৰাৰ পাছত দিল্লীৰ এখন বিশেষ এনআইএ আদালতত ৰাণাৰ বিচাৰ আৰম্ভ হ’ব। ৰাণাক দিল্লীৰ পাটিয়ালা হাউচৰ এখন বিশেষ এনআইএ আদালতত হাজিৰ কৰোৱা হ’ব।

বিশিষ্ট অধিবক্তা নৰেন্দ্ৰ মানে বিচাৰত এনআইএক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে ,তেওঁ অতীতত বহুতো গুৰুত্বপূৰ্ণ গোচৰত চিবিআই আৰু এনআইএক প্ৰতিনিধিত্ব কৰিছে।

Exit mobile version