শুল্ক সম্পৰ্কে চীনলৈ বাৰ্তা ট্ৰাম্পৰ !

1744202876 trump 2

Donald Trump শুল্ক যুদ্ধত চীনৰ কঠোৰ স্থিতি আৰু ইয়াৰ পৰিণামৰ উদাহৰণ দি বিশ্ববাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আন দেশসমূহক সতৰ্ক কৰাৰ উপৰিও, তেওঁ ভৱিষ্যতৰ শুল্ক ৰেহাইৰ ক্ষেত্ৰত আপোচ কৰাৰ বাৰ্তাও প্ৰেৰণ কৰে ।

যদিও ট্ৰাম্পে বাকী দেশসমূহক ৯০ দিনৰ বাবে ৰেহাই দিছিল, তথাপিও তেওঁ চীনক “পাৰস্পৰিক শুল্ক” সন্দৰ্ভত কোনো ৰেহাই দিয়া নাছিল। বৰঞ্চ তেওঁ চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰু অধিক বৃদ্ধি কৰিছে। চীনৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে বেইজিঙে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি মুঠ শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে বেইজিঙে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল।

ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে বেইজিঙে হঠাৎ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক ৫০ শতাংশ বৃদ্ধি কৰে। কিন্তু ইয়াৰ উপৰিও জিনপিং চৰকাৰে ‘পাৰস্পৰিক শুল্ক’ৰ আলোচনাৰ পথ মুকলি কৰি ৰাখিব বুলি উল্লেখ কৰিছে। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ চৰকাৰে বৃহস্পতিবাৰৰ পৰা নতুন শুল্ক ৰূপায়ণ কৰিবলৈ সাজু হৈছে।

এই পৰিস্থিতিত ট্ৰাম্পে আন দেশলৈ দিয়া বাৰ্তাক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ব্যৱসায়ী সমাজৰ এটা অংশই বিশ্বাস কৰে যে ট্ৰাম্পৰ মূল ‘চকু’ ইউৰোপীয় সংঘৰ দেশসমূহৰ ওপৰত।

কাৰণ তেওঁলোকে ইতিমধ্যে গাড়ীসহ আমেৰিকাৰ কেবাটাও সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

Exit mobile version