শুল্ক যুদ্ধত আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ মিত্ৰতা গঠনৰ প্ৰস্তাৱ চীনৰ,

নাকচ কৰিলে অষ্ট্ৰেলিয়াই

1744349075 australia

Donald Trump:শুল্ক যুদ্ধত আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ চীনে অষ্ট্ৰেলিয়াৰ স’তে মিত্ৰতা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু সেই প্ৰস্তাৱ বিনয়েৰে নাকচ কৰিলে অষ্ট্ৰেলিয়াই।

ADVERTISEMENT

দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে স্পষ্ট কৰি দিয়ে যে ,তেওঁলোকে কেৱল জাতীয় স্বাৰ্থকহে অগ্ৰাধিকাৰ দিব।

অষ্ট্ৰেলিয়াত চীনৰ ৰাষ্ট্ৰদূত জিয়াও কিয়ানে শেহতীয়াকৈ জনাইছে যে আমেৰিকাৰ “একচেটিয়া প্ৰথা” বন্ধ কৰিবলৈ যৌথ প্ৰতিৰোধ গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ। তেওঁ পৰোক্ষভাৱে অষ্ট্ৰেলিয়ালৈও বাৰ্তা প্ৰেৰণ কৰে যে সকলো দেশেই এই বিষয়ত আগবাঢ়ি আহিব লাগে।কিন্তু অষ্ট্ৰেলিয়াই স্পষ্ট কৰি দিছে যে তেওঁলোক চীনৰ স্থিতিৰ অংশ নহয়।

৯০ দিনৰ বাবে নতুন শুল্ক নীতি স্থগিত ৰাখিছে ট্ৰাম্পে। অৱশ্যে তেওঁলোকে চীনক ৰেহাই নিদিলে।

উল্লেখ্য যে,কিন্তু বৃহস্পতিবাৰে নিশা (ভাৰতৰ সময় অনুসৰি) আমেৰিকাৰ বজাৰত চীনা সামগ্ৰীৰ ওপৰত মুঠ শুল্ক ১২৫ শতাংশৰ পৰা ১৪৫ শতাংশলৈ বৃদ্ধি কৰা বুলি খবৰ বিয়পিছে।

হোয়াইট হাউছৰ এক সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে ‘চিএনবিচি’ সংবাদ মাধ্যমে।

Exit mobile version