ইউটিউবৰ জৰিয়তে বছৰত ৭৩২ কোটি টকা উপাৰ্জন এইজন ইউটিউবাৰৰ

kids choice awards los angeles mar mrbeast jimmy donaldson microsoft theater march ca 271173935

MrBeast:ইóউটিউবৰ জৰিয়তে বৰ্তমানৰ সময়ত বহু লোকে ধন উপাৰ্জন কৰিছে। কিন্তু ইউটিউবত নিজৰ চেনেলত ভিডিঅ’ আপলোড কৰি এবছৰত কে’বাশ কোটি টকা উপাৰ্জন কৰাৰ কথা আপুনি কল্পনা কৰিব পাৰিবনে?

ADVERTISEMENT

ইউটিউবত ভিডিঅ’ প’ষ্ট কৰি এজন ইউটিউবাৰে এবছৰত উপাৰ্জন কৰিলে ৩৭২ কোটি টকা। এইজন ইউটিউবাৰ হৈছে মিষ্টাৰ বিষ্ট।

মিষ্টাৰ বিষ্ট নামৰ ইউটিউবত সর্বপৰিচিত ব্যক্তিজনে এই ডিজিটেল মাধ্যমত ভিডিঅ’ আপলোড কৰি জুন ২০২৩ৰ পৰা জুন ২০২৪ৰ সময়ছোৱাত প্রায় ৮৫ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৩৭২ কোটি টকা উপাৰ্জন কৰিছিল।

ইউটিউবত মিষ্টাৰ বিষ্টৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা কমেও ৩৮৪ নিযুত। মিষ্টাৰ বিষ্টে অৱশ্যে ইউটিউবত নিতৌ নহয়, মাহত তিনি বা এটা ভিডিঅ’হে আপলোড কৰে। মিষ্টাৰ বিষ্ট সম্প্রতি ইণ্টাৰনেচনেল অনলাইন ইনফ্লুয়েন্সাৰ হিচাপে শীৰ্ষত আছে।

সাধাৰণতে ভাইৰেল হোৱা আৰু ট্ৰেণ্ডত থকা বিষয়ৰ আধাৰত মিষ্টাৰ বিষ্টে ভিডিঅ’ প্ৰস্তুত কৰে। ইউটিউবৰ জৰিয়তে ইমান বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাৰ লগতে হলিউডৰ তাৰকাতকৈও অধিক জনপ্রিয়তা অর্জন কৰিছে মিষ্টাৰ বিষ্টে।

Exit mobile version