ফে’চবুক-ইনষ্টাগ্রাম হ’ব পুৰণি, আহি আছে এআই ছ’চিয়েল মিডিয়া প্লেটফর্ম

Content Blog Banner Q3 2023 1125x600 73 Social Media Platforms

Social Media: সাম্প্রতিক সময়ত ছ’চিয়েল মিডিয়া জগতত ফে’চবুক, ইনষ্টাগ্রাম, এক্স, টিকটকৰ দৰে মাধ্যমে দপদপনি অব্যাহত ৰাখিছে।

ADVERTISEMENT

কিন্তু অতি শীঘ্ৰে এইসমূহ জনপ্রিয় সামাজিক মাধ্যমক প্রত্যাহ্বান জনাব পাৰে অপেন এআয়ে ৷ চেটজিপিটিৰ দৰে জনপ্রিয় কৃত্রিম বুদ্ধিমত্তা (এআই) ধাৰী এআই সঁজুলি তৈয়াৰ কৰা অপেন এআয়ে এইবাৰ এক নতুন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম প্ৰস্তুতকৰণত ব্যস্ত আছে।

এই নতুন সামাজিক মাধ্যমত এআইৰ সুবিধা উপলব্ধ হ’ব। একাংশ প্রযুক্তি বিশেষজ্ঞই দাবী কৰা অনুসৰি, অপেন এআয়ে তৈয়াৰ কৰা নতুন সামাজিক মাধ্যমে এক্স আৰু মেটাৰ দৰে প্লেটফ’মৰ্ক প্ৰত্যাহ্বান জনাব।

এই নতুন এপ চেটজিপিটি আধাৰিত হ’ব পাৰে। অপেন এআয়ে এক্সৰ দৰে সামাজিক মাধ্যম তৈয়াৰ কৰিছে। এই নতুন সামাজিক মাধ্যমত ফে’চবুক, ইনষ্টাগ্ৰামতকৈ অধিক ৰোমান্সকৰ বিশেষত্ব সংযোজন কৰা হ’ব। ফে’চবুক, ইনষ্টাগ্রামেও নিজৰ এপত এআই বিশেষত্ব সংযোজন কৰিছে।

Exit mobile version