মুখখন উজ্জ্বল কৰিবলৈ কফি ব্যৱহাৰ কৰাৰ কথা শুনিছে ?

শিকি লওক এতিয়া মুখত কফি প্ৰয়োগ কৰাৰ সঠিক উপায়

images 18

Coffee: ছালৰ যত্নৰ কথা আহিলে কফিৰ লগত কোনো তুলনা নাই। কফিয়ে ছালৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে। যিকোনো সমস্যাৰ বাবে কফি কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাও আহক ।

ADVERTISEMENT

ধৰি লওক আপুনি গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰিছে। ইফালে ৰাতি এটা পাৰ্টিলৈও যাব লাগে। এই ক্ষেত্ৰত আপোনাৰ ক্লান্ত ৰূপক পুনৰ সজীৱ কৰি তোলাৰ ক্ষেত্ৰত কফি আপোনাৰ বেষ্ট ফ্ৰেণ্ড হ’ব পাৰে। কফিত ছালখন সজীৱ কৰি তোলাৰ যথেষ্ট ক্ষমতা আছে। ডাৰ্ক চাৰ্কল হওক বা ৰ’দত পোৰা ছাল হওক, শুকান ছাল হওক বা পিগমেণ্টেচন হওক, সকলো কামতে কফি ব্যৱহাৰ কৰিব পাৰি।

ডাৰ্ক চাৰ্কল: ডাৰ্ক চাৰ্কলৰ বাবে এচামুচ কফিৰ লগত এচামুচ মৌ মিহলাই লওক। এতিয়া চকুৰ তলত লগাই ১০-১৫ মিনিট ৰাখিব। তাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাব। ই ৰক্ত সঞ্চালন উন্নত কৰে। যাৰ অভাৱেই মূলতঃ ডাৰ্ক চাৰ্কলৰ সমস্যাৰ বাবে দায়ী।

চানবাৰ্ণ ছাল: কফিত থকা পলিফিনলে ছালত ৰ’দৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। একচামুচ কফিৰ লগত একচামুচ নেমুৰ ৰস মিহলাই লওক। ১৫ মিনিট মুখত ৰাখিব। তাৰ পাছত পানীৰে ধুব।

শুকান ছাল :কফি আৰু অলিভ অইলৰ সহায়ত ফেচ মাস্ক বনাব পাৰি। এই দুয়োটাতে এন্টিঅক্সিডেন্ট থাকে। যাৰ ফলত ছালত বয়স বৃদ্ধিৰ লক্ষণ দেখা নাযায়। এক চামুচ অলিভ অইলৰ লগত আধা চামুচ কফি পাউদাৰ মিহলাই লওক। তাৰ পাছতে মিশ্ৰণটো গোটেই মুখত লগাওক।১৫ মিনিট লগালে লাহে লাহে মালিচ কৰি ধুই পেলাব। শৰীৰৰ আন যিকোনো অংশ শুকান হোৱাতো ইয়াক ব্যৱহাৰ কৰিব পাৰে।

পিগমেনটেছন: নিয়মীয়াকৈ কফি মাস্ক ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ পিগমেনটেছন পৰিহাৰ কৰাত সহায় কৰিব। আপুনি দেখিব কেনেকৈ দাগটো লাহে লাহে পাতল হৈ আহিছে। আনকি বহুলোকৰ ওঁঠত ক’লা দাগ পৰে, কফি মাস্ক তেওঁলোকৰ বাবে অতি উপকাৰী। আধা টেবল চামুচ কফি পাউডাৰ, আধা টেবল চামুচ মৌ আৰু আধা টেবল চামুচ নেমুৰ ৰস মিহলি কৰি এটা পেক বনাওক। তাৰ পাছত ইয়াক মুখ-ডিঙিত প্ৰয়োগ কৰক। ১০-১৫ মিনিটৰ পাছত ধুই দিব ।

Exit mobile version