Florida Mass Shooting:পুনৰ আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণ। এইবাৰ ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিত এজন ২০ বছৰীয়া ছাত্ৰই সংঘটিত কৰে এই কাণ্ড । ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছে।
গুৰুতৰভাৱে আহত পাঁচজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হঠাৎ সংঘটিত হোৱা ঘটনাত ফ্ল’ৰিডা প্ৰশাসন স্তম্ভিত হৈ পৰে।
তৎকালীনভাৱে বিশ্ববিদ্যালয় চৌহদ আৰু কাষৰীয়া অঞ্চলত লকডাউন জাৰি কৰা হয়। ফ্ল’ৰিডা আৰক্ষীয়েও জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰে। আক্রমণকাৰীক গুলীয়াই হত্যা কৰে আৰক্ষীয়ে।
আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে বিয়লি ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ ছাত্ৰ ইউনিয়ন ওচৰত বিশ বছৰীয়া এজন ছাত্ৰই গুলিচালনা কৰে ।
ইয়াৰ পাছতে সমগ্ৰ কেম্পাছতে আতংক বিয়পি পৰিল। ছাত্ৰ-ছাত্ৰীসকলে আশ্ৰয় বিচাৰি ইফালে সিফালে দৈৰিবলৈ আৰম্ভ কৰে।
গুলীচালনাত দুজন লোক নিহত হয় আৰু আন পাঁচজন আহত হৈছিল। ইয়াৰ পাছতে ফ্লৰিডা আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীলৈ উপস্থিত হয়।
আক্ৰমণকাৰীক গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে জনোৱা মতে, বিশ বছৰীয়া আক্ৰমণকাৰীজনৰ নাম ফিনিক্স ইকনাৰ ।তেওঁ নিজেই ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ ছাত্ৰ আৰু লিঅ’ন কাউন্টি শ্বেৰিফ বিভাগৰ এজন ডেপুটি শ্বেৰিফৰ পুত্ৰ। মাকৰ অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি ইকনাৰে এই আক্ৰমণ সংঘটিত কৰে।
উল্লেখ্য যে,ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এটা বন্ধুক ।আক্ৰমণ কৰা ছাত্ৰজনৰ ওচৰত উদ্ধাৰ হয় আন এটা শ্বটগান।