ভিছা বাতিল হোৱা ছাত্ৰ-ছাত্ৰীৰ ৫০ শতাংশ ভাৰতীয়! ট্ৰাম্প চৰকাৰৰ স’তে কেন্দ্ৰৰ আলোচনাৰ দাবী

1744956351 visa

US Visa: কলেজ বা বিশ্ববিদ্যালয় চৌহদত “আন্দোলন” কৰাৰ বাবে যোৱা মাহত ৩২৭ জন বিদেশী ছাত্ৰ-ছাত্ৰীৰ এফ-১ ভিছা নাকচ কৰিছিল আমেৰিকাই। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সেই তালিকাৰ উল্লেখ কৰি কয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে যি শিক্ষাৰ্থীক লক্ষ্য কৰিছে,তাৰ ৫০ শতাংশই ভাৰতীয়।

আমেৰিকান ইমিগ্ৰেচন লয়াৰ্ছ এছ’চিয়েশ্যনৰ প্ৰেছ বিজ্ঞপ্তি এক্স হেণ্ডেলত পোষ্ট কৰি ৰমেশে লিখিছিল, “ভিছা বাতিল কৰাৰ কাৰণবোৰ অস্পষ্ট আৰু অস্বচ্ছ।”গতিকে এইটো ভাৰতীয়সকলৰ বাবে চিন্তা আৰু শংকাৰ কাৰণ।”

ৰমেশে প্ৰশ্ন উত্থাপন কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰ এই বিষয়ত মৌন কিয়? বৈদেশিক মন্ত্ৰী জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ৰ স’তে এই বিষয়ত আলোচনা কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।

কেৱল ভিছা বাতিল কৰাই নহয়। ট্ৰাম্প প্ৰশাসনে সেই ৩২৭ জন ছাত্ৰক “দেশদ্ৰোহী” বুলি অভিহিত কৰিছে। ফলত তেওঁলোকে আৰু কেতিয়াও আমেৰিকালৈ যাব নোৱাৰিব।উল্লেখ্য যে, ভিছা বাতিল হোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে পেলেষ্টাইনৰ অধিকাৰৰ সমৰ্থনত মাত মাতিছিল।

গাজা দখল কৰাৰ অভিযানত ইজৰাইলক সমৰ্থন কৰাৰ বিৰোধিতাত সৰৱ হৈ পৰিছিল। এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰি ৰুবিঅ’ই কয় যে, “আমি প্ৰতিদিনে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে কি কৰি আছে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখোঁ। ৩০০ৰো অধিক এনে ধৰণৰ পাগল আছে আৰু আমি মই সিহঁতৰ ভিছা কাঢ়ি লম। দেশখনত কোন থাকিব আৰু কোন নাথাকিব সেইটো নিৰ্ণয় কৰাৰ অধিকাৰ প্ৰতিখন দেশৰেই আছে।”

Exit mobile version