য়েমেনৰ বন্দৰত আমেৰিকাৰ বিমান আক্ৰমণত কমেও ৩৮ জন লোকৰ মৃত্যু!

1744953522 yemen

US vs Houthis: আমেৰিকাৰ যুদ্ধ বিমানে য়েমেনৰ ৰাছ ইছাৰ তেল বন্দৰত আক্ৰমণ কৰে। শুকুৰবাৰে পুৱা বিমান আক্ৰমণত ৩৮ জন লোক নিহত হয়।

ADVERTISEMENT

অঞ্চলটো নিয়ন্ত্ৰণ কৰা হুথি বিদ্ৰোহীয়ে জানিবলৈ দিয়া মতে, আহতসকলৰ সংখ্যা ১০০ৰো অধিক ।আক্ৰমণৰ প্ৰতি “প্ৰতিক্ৰিয়া”ৰ সতৰ্কবাণীও দিয়ে।

পশ্চিম এছিয়াত নিয়োজিত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ উদ্দেশ্য আছিল হুথিৰ বিদ্ৰোহীসকলৰ ইন্ধন উৎসক আঘাত কৰা।

উল্লেখ্য যে,২০২৩ চনৰ নৱেম্বৰৰ পৰা ইৰাণ সমৰ্থিত হুথি সশস্ত্ৰ গোটে গাজা ষ্ট্ৰিপত ইজৰাইলী আক্ৰমণৰ আৰম্ভণিৰ পৰাই য়েমেনৰ উপকূলৰ পৰা লোহিত সাগৰলৈ যোৱা বাণিজ্যিক জাহাজসমূহৰ ওপৰত কেবাটাও মিছাইল আক্ৰমণ চলাই আহিছে।

আমেৰিকা আৰু ইউৰোপৰ লগতে ভাৰতৰ কেবাখনো বাণিজ্যিক জাহাজো ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও ইজৰাইলৰ ভূখণ্ডক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ অব্যাহত ৰাখিছে।

কেইমাহমান আগতে, পশ্চিম এছিয়াত নিয়োজিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই হুথিসকলৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছিল।

চৌদি আৰৱৰ সমৰ্থিত য়েমেনৰ চুন্নী মুছলমান চৰকাৰে শিয়া বিদ্ৰোহী গোট হুথিসকলৰ বিৰুদ্ধে অভিযান চলাই আছে।

কিন্তু ৰাজধানী ছানাৰ উত্তৰৰ কিছু অংশ এতিয়াও হুথিৰ নিয়ন্ত্ৰণত আছে। ইৰাণৰ উপৰিও, তেওঁলোকে লেবাননৰ শিয়া গোট হিজবুল্লাহৰ পৰাও অস্ত্ৰ-শস্ত্ৰ লাভ কৰে বুলি অভিযোগ কৰা হৈছে।

যোৱা বছৰৰ ডিচেম্বৰত, হুথি বাহিনীয়ে ইজৰাইলক হাইপাৰচনিক মিছাইল ‘পেলেষ্টাইন-২’ (শব্দৰ গতিৰ পাঁচগুণ বা অধিক) আক্ৰমণ কৰিছিল। তেতিয়াৰ পৰা ইজৰাইলে য়েমেনত কেবাটাও আক্ৰমণ চলাই আহিছে।

Exit mobile version