Health Tips : ওজন কমাবলৈ উপবাস কৰাৰ প্ৰয়োজন নাই। বৰঞ্চ নিয়মাৱলী পালন কৰি উপযুক্ত সময়ত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে । তেতিয়াহে অতিৰিক্ত চৰ্বি সৰি পৰিব। কিন্তু দিনটো ভাল হ’লেও ৰাতিৰ আহাৰত প্ৰায়ে অনিয়ম ঘটে। আচলতে কৰ্মস্থলীত দিনটো ব্যস্ত থকাৰ পাছত পাকঘৰলৈ যোৱাৰ মন নাযায়! বাহিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল হ’লে তাৰ পাছত ডায়েটৰ বাৰ বজাটো নিশ্চিত। গতিকে ৰাতিৰ আহাৰত সোনকালে প্ৰস্তুত কৰিব পৰা খাদ্য থকাটো ভাল। গতিকে ওজন কমাবলৈ ৰাতি কি কি খাদ্য তৈয়াৰ কৰিব পাৰি?
খিচিৰি : খিচিৰি অতি পুষ্টিকৰ খাদ্য।পুষ্টিবিদসকলৰ মতে এই খাদ্যই প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে । ৰাতি মাজে মাজে খিচিৰি খাব পাৰে। সদায় দালি আৰু ভাত ভাল নাপালেও দালি খিচিৰিও বনাব পাৰি। ডালিয়া অতি স্বাস্থ্যকৰ খাদ্য।
পনীৰ : বিলাহী, পিঁয়াজ আৰু পনীৰ মিশ্ৰণ স্বাস্থ্যকৰ। এই তিনিটা উপাদানেৰে যিকোনো দিনাই পনীৰ বনাব পাৰে। কিন্তু কে’লৰিৰ পৰিমাণ কম কৰিব বিচাৰিলে কম চর্বিযুক্ত পনীৰ ব্যৱহাৰ কৰিব লাগিব ।
কুইনৱা পোলাও : আজিকালি আঁহ সমৃদ্ধ কুইনৱা চাউল বা ৰুটিৰ বিকল্প হিচাপে যথেষ্ট জনপ্রিয়। কুইনোয়া উতলাই বিভিন্ন শাক-পাচলিত দিও পলেণ্টা বনাব পাৰি। ইচ্ছা কৰিলে কণী বা কুকুৰা মাংসও দিব পাৰে।
ব্রাউন ৰাইচ বিৰিয়ানী : যদি আপুনি ওজন কমাবলৈ দোকানত কিনা বিৰিয়ানী পৰিহাৰ কৰি আছে তেন্তে ঘৰতে ব্ৰাউন ৰাইচ বিৰিয়ানীৰ সোৱাদ উপভোগ কৰিব পাৰিব ৷ প্ৰটিনৰ উৎস হিচাপে কুকুৰা মাংস, কণী,চয়াবীন বা পনীৰ দিব ।
চিকেন চালাড : যদি আপুনি এই চালাডটো সতেজ চিকেনৰ স’তে বনাই তেন্তে নিশ্চিতভাৱে ইয়াৰ সোৱাদ ভাল হ’ব। প্রথমে কুকুৰা মাংস পানীত সিজাই ল’ব লাগে। অতিমাত্ৰা ৰান্ধিব নালাগে কাৰণ এই কুকুৰাটো আকৌ অলপ সময় বেক কৰিব লাগিব। উতলি থকাৰ সময়ত পিঁয়াজৰ টুকুৰা দুটা, হালধি কেইটামান,নিমখ,জলকীয়াৰ গুড়ি দিব। ইচ্ছা কৰিলে স্প্রিং অনিয়ন কিছু দিব পাৰে ৷