পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ

IMG 20250419 201504

Panchayat elections: ভূপেন বৰাই হৰাৰ ৰণনীতি তৈয়াৰ কৰি আছে। নিৰ্বাচনত কংগ্ৰেছ হাৰিলে কি উত্তৰ দিব ভূপেন বৰাই তাৰেই ৰণনীতি তৈয়াৰ কৰি আছে। আমি জিকাৰ ৰণনীতি তৈয়াৰ কৰি আছো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

আজি বিজেপিৰ চিচিবৰগাঁও মণ্ডল সমিতিৰ উদ্যোগত পাঁচ নং দক্ষিণ ধেমাজি জিলা পৰিষদ সমষ্টিৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি, মিত্ৰজোঁটৰ এখন বিশাল প্ৰচাৰ সভাত অংশগ্ৰহণৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি এইদৰে মন্তব্য কৰে।

তেওঁ কয় যে,মই কালিৰ পৰা লখিমপুৰ-ধেমাজিত আছো। আমি প্ৰায় গোটেই সমষ্টিবিলাকতে জিকিম। ইয়াত বিৰোধী প্ৰায় শূন্যই। নিৰ্বাচন খেলিবলৈ বিৰোধীৰ কোনো অহাই নাই। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছে নিৰ্বাচনত হাৰিলে কি উত্তৰ দিব তেওঁলোকে তাৰেই ৰণনীতি তৈয়াৰ কৰি আছে। ইয়াৰ বিপৰীতে আমি জিকাৰ ৰণনীতি তৈয়াৰ কৰি আছো। ভূপেন বৰা বা কংগ্ৰেছ দলৰ সদস্য-নেতাসকল আৰু অন্যান্য দলৰ নেতাসকলে হাৰিলে কি ক’ব তাৰ ৰণনীতি তৈয়াৰ কৰি আছে।

আৰক্ষীয়ে তেওঁলোকক সহায় কৰা নাই, আমাক সহায় কৰি আছে ইত্যাদি অদ্ভূত কথা কৈ কৈ তেওঁলোকে পৰাজয়ৰ গ্ৰউণ্ডটো বনাই আছে। কংগ্ৰেছ দলে আচলতে হৰাৰ গ্ৰাউণ্ডটো বনাই আছে। আমি সকলোতে জিকিম।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ,আমি ৰাইজক সহায় কৰিছো। ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আমি দুৰ্নীতি নাইকিয়া কৰিছো, ডেৰ লাখ ল’ৰা-ছোৱালীক চাকৰি দিছো। আজিলৈকে কোনেও ক’ব পৰা নাই যে আমি ক’ৰবাত দুৰ্নীতি কৰিছো বুলি।

কিছুদিনৰ পাছত অসমৰ ৩৮ লাখ পৰিয়ালে অৰুণোদয় পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ৰাস্তা-পথৰ অৱস্থা আগতকৈ বহুত ভাল হৈছে বুলি কয়। জলসম্পদ মন্ত্ৰী হিচাপে হাজৰীকাই ধেমাজি জিলাত ৮০ শতাংশ বানপানী নাইকিয়া কৰাৰ কথাও দৃঢ়তাৰে উল্লেখ কৰে।

উল্লেখ্য যে ,সমাগত পঞ্চায়ত নিৰ্বাচন উপলক্ষে মন্ত্ৰীগৰাকীয়ে আজি ধেমাজিত কেবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু উছাহ দেখিবলৈ পাই মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে। সম উন্নয়ন, সম বিকাশৰ স্বাৰ্থত আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰি যাবলৈ মন্ত্ৰীগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায়।

Exit mobile version