এতিয়াৰ পৰা প্ৰতিমাহে নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব কেন্দ্ৰই

কেতিয়াৰ পৰা আৰম্ভ হ’ব?

1745236284 unemployement

Unemployment: এতিয়াৰ পৰা, কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে প্ৰকাশ কৰিব নিবনুৱাৰ সংখ্যা।এতিয়ালৈকে সেই পৰিসংখ্যা তিনিমাহৰ মূৰে মূৰে দিয়া হৈছিল। সোমবাৰে প্ৰশাসনৰ এজন বিষয়াই কয় যে ১৫ মে’ত প্ৰকাশ পাবলগীয়া পৰিসংখ্যাত জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ৰেকৰ্ড অন্তৰ্ভুক্ত কৰা হ’ব। তেতিয়াৰ পৰা সেই পৰিসংখ্যা প্ৰতিমাহে প্ৰকাশ পাব।

পৰিসংখ্যা আৰু কাৰ্যসূচী মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে, “আমি বছৰৰ প্ৰথম তিনিমাহৰ পৰিসংখ্যা ১৫ মে’ত প্ৰকাশ কৰিম।” আমি এই কাম প্ৰথমবাৰৰ বাবে কৰিছো।” কাকতলীয়াকৈ ক’বলৈ গ’লে আন বৃহৎ অৰ্থনীতিৰ দৰে ভাৰতত নিয়মীয়া (হাই ফ্ৰিকুয়েঞ্চি) নিবনুৱাৰ পৰিসংখ্যা সংগ্ৰহ কৰিব পৰা প্ৰযুক্তি নাই।

এতিয়ালৈকে চৰকাৰে ত্ৰিমাসিক ভিত্তিত গ্ৰাম্য নিবনুৱাৰ পৰিসংখ্যা প্ৰদান কৰিছিল। সেই গ্ৰাম্য আৰু নগৰীয়া পৰিসংখ্যাসমূহ মিলি বছৰত এবাৰহে প্ৰকাশ কৰা হয়। বিষয়াগৰাকীয়ে কয় যে সকলো নথি পৰীক্ষণৰ পিছতহে পৰিসংখ্যা প্ৰকাশ কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়াই জনোৱা মতে, এপ্ৰিল মাহৰ শেষৰ ফালে ব্যক্তিগত মূলধনী ব্যয়ৰ পৰিসংখ্যাও প্ৰকাশ কৰা হ’ব। অহা বছৰৰ পৰা সেৱা খণ্ডৰ সমীক্ষাৰ ফলাফলো প্ৰকাশ কৰিব কেন্দ্ৰীয় চৰকাৰে। অসংগঠিত খণ্ডতো জৰীপৰ পৰিসংখ্যা সংগ্ৰহৰ চেষ্টা চলাইছে কেন্দ্ৰটোৱে।

গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ পৰিসংখ্যাও ত্ৰিমাসিক ভিত্তিত প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সূত্ৰ অনুসৰি, দেশত কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে কেন্দ্ৰটোৰ এই পদক্ষেপ ।

Exit mobile version