চীনত স্থাপন কৰা হৈছে বিশ্বৰ প্ৰথমটো সোণৰ এটিএম

images 17 3

Gold ATM: সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে সোণৰ মূল্য। বিশেষজ্ঞসকলে কয় যে এয়া সোণ বিক্ৰীৰ বাবে উত্তম সময়। কিন্তু পুৰণি দোকান ভিত্তিক পৰম্পৰাৰ পৰা বিচ্ছিন্ন হৈ চীনৰ চাংহাইত সোণ বিক্ৰীৰ এক নতুন পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। বিশ্বত প্ৰথমবাৰৰ বাবে এই চহৰত স্থাপন কৰা হৈছে ‘গ’ল্ড এটিএম’।

ADVERTISEMENT

এই অভিনৱ যন্ত্ৰটোৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

তথ্য অনুসৰি,কিংহুড গ্ৰুপ নামৰ চীনৰ এটা কোম্পানীয়ে চাংহাইৰ এটা মলত এই অভিনৱ এটিএম মেচিন স্থাপন কৰিছে।

য’ত গহনাবোৰ ৰখা পাছতে আধুনিক প্ৰযুক্তি যন্ত্ৰই ইয়াক ওজন কৰি বিশুদ্ধতাৰ বিচাৰ কৰে আৰু বজাৰ মূল্য অনুসৰি সমান পৰিমাণৰ ধন পোনপটীয়াকৈ বেঙ্কলৈ স্থানান্তৰ কৰে।

ইয়াত ষ্ট’ৰত প্ৰতাৰণা হোৱাৰ ভয় নাই। সমগ্ৰ প্ৰক্ৰিয়াটো গ্ৰাহকৰ চকুৰ সন্মুখতে হয়। শেহতীয়াকৈ সোণৰ মূল্য বৃদ্ধিৰ পৰা লাভ অৰ্জন কৰিবলৈ মানুহে এটিএমত সোণৰ গহনা বিক্ৰী কৰিবলৈ ছাংহাইৰ মলত শাৰী পাতিছে।

তানচু য়েগেন নামৰ এজন ব্যক্তিয়ে ছচিয়েল মিডিয়াত সোণৰ এটিএমৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। “এই ডিভাইচটোৱে আপোনাৰ সোণ খিনি লৈ, ইয়াৰ ওজন আৰু মূল্য নিৰ্ধাৰণ কৰে আৰু পোনপটীয়াকৈ আপোনাৰ বেঙ্ক একাউণ্টলৈ ধন স্থানান্তৰ কৰে।

ভিডিঅ’টোৰ তলত বহুলোকে মন্তব্য কৰিছে। এজন ভাৰতীয়ই লিখিছে, “আশা কৰোঁ এই যন্ত্ৰটো সোনকালেই ভাৰতত দেখা যাব।”

কিন্তু একাংশই এই প্রশ্ন উত্থাপন কৰিছে যে “বিক্রী হৈ থকা সোণ ‘চুৰি সামগ্ৰী’ নেকি এই মেচিনে কেনেদৰে পৰীক্ষা কৰিব?”

যদিও এই বিক্ৰীৰ বাবে ভাৰতত সোণৰ এটিএম নাই যদিও শেহতীয়াকৈ কৰ্ণাটক ৰাজ্যত সোণ ক্ৰয়ৰ বাবে এটিএম স্থাপন কৰা হৈছে।

এই সোণালী এটিএমটো কৰ্ণাটকৰ টুমকুৰ মাৰ্চেণ্টছ ক্ৰেডিট কোঅপাৰেটিভ ছ’চাইটি (টিএমচিচি)ৰ এক পদক্ষেপ। কোম্পানীটোৱে ইয়াৰ নাম ৰাখিছে ‘টিএমচিচি গোল্ড ক’ইন’। য’ত গ্ৰাহকে ২৪ কেৰেটৰ বিশুদ্ধ সোণৰ মুদ্ৰা কিনিব পাৰে।

এই এটিএমত ০.৫, ১, ২, ৫, আৰু ১০ গ্ৰাম সোণৰ মুদ্ৰা বিতৰণ কৰা হ’ব। সোণৰ বৰ্তমানৰ বজাৰ মূল্য অনুযায়ী ধন দি সোণ পাব পাৰিব।

Exit mobile version