অমিত শ্বাহক হত্যাৰ ষড়যন্ত্ৰ!

প্রকাশ্যেত অমৃতপাল সমর্থকৰ চ্যাট, গ্রেপ্তাৰ দুই

images 19 2

Amit Shah: গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেবাজনো ভিভিআইপি নেতাৰ ওপৰত মাৰাত্মক আক্ৰমণৰ পৰিকল্পনা! কাৰাবন্দী অমৃতপল সিঙৰ সমৰ্থকসকলৰ ছ’চিয়েল মিডিয়াত চ্যাট ভাইৰেল হোৱাৰ পাছতে কঁপি উঠিল চোৰাংচোৱা বিভাগ।

এই ঘটনাত পঞ্জাৱ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

তথ্য অনুসৰি,অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু শিৰোমণি অকালি দলৰ (এছএডি) নেতা বিক্ৰম সিং মাজিথিয়াকো লক্ষ্য কৰা হৈছিল।

তথ্য অনুসৰি,’ৱাৰিছ দে পঞ্জাব’ নামৰ হোৱাটছএপ গ্ৰুপৰ পৰা এই তথ্য ফাদিল হৈছে। সামাজিক মাধ্যমত আক্ৰমণৰ ষড়যন্ত্ৰৰ ফাদিল হোৱাৰ পাছতে অনুসন্ধানকাৰীসকল স্তম্ভিত হৈ পৰে।

হোৱাটছএপ গোটটো ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কাৰাগাৰত থকা অমৃতপাল সিঙৰ সমৰ্থক বুলি ধাৰণা কৰা হৈছে। গ্ৰুপটোত আছে প্ৰায় ৬০০ জন সদস্য ।

তদন্তকাৰীয়ে দাবী কৰে যে এই গোটটোৱে ৰাজনৈতিক আৰু ধৰ্মীয় নেতাক কেনেকৈ আক্ৰমণ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিল।এই গোটত বিদেশী পুঁজি সংগ্ৰহ আৰু অস্ত্ৰ ক্ৰয় আদি বহু স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোচনা হোৱা বুলিও তথ্য পোৱা গৈছে।

ইয়াৰ ভিতৰত বালকাৰ আৰু পৱনক গ্ৰেপ্তাৰ কৰি ইউএপিএকে ধৰি একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইফালে এই তথ্য ৰাজহুৱা হোৱাৰ পাছত আকালি দলৰ নেতা মজিতিয়াই ছ’চিয়েল মিডিয়াত এটা অডিঅ’ ৰেকৰ্ডিং প্ৰকাশ কৰে।

য’ত অমৃতপল সিঙে স্বীকাৰ কৰে যে তেওঁৰ গেংষ্টাৰৰ স’তে সম্পৰ্ক আছে আৰু তেওঁ প্ৰত্যক্ষভাৱে ডকাইতি আৰু অন্যান্য বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত। তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰি এই বিষয়ত এন আই এৰ তদন্তৰ দাবী জনায়।

Exit mobile version