Pahalgam : উপত্যকাত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামত বৈশৰণত বন্দুকৰ গুলীৰ শব্দই অঞ্চলটোত আতংক বিয়পি পৰিছে।
অমৰনাথ যাত্ৰাৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ অঞ্চলত পৰ্যটকৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে।
তথ্য অনুসৰি গুলীচালনাত পাঁচজন পৰ্যটক আহত হৈছে। যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।
উল্লেখ্য যে, বন্দুকৰ গুলীৰ শব্দ শুনাৰ পাছতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ বাহিনী ঘটনস্থলীত উপস্থিত হয়। আহতসকলৰ ভিতৰত দুজন স্থানীয় লোক আৰু তিনিজন পৰ্যটক আছে।
